নিউজ ডেস্ক: গুজৰাট উচ্চ ন্যায়ালয়েও মঙলবাৰে “মোদী উপাধি” মানহানিৰ গোচৰত ৰাহুল গান্ধীক প্ৰদান নকৰিলে সকাহ। ৰাহুল গান্ধীয়ে উক্ত গোচৰত তেওঁৰ দোষী সাব্যস্ত হোৱাক স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

মন কৰিবলগীয়া যে, ন্যায়াধীশ হেমন্ত প্ৰচকে গ্ৰীষ্মবন্ধৰ পিছতহে গোচৰটোৰ ৰায় ঘোষণা কৰিব। ৫ মে’ উচ্চ ন্যায়ালয়ৰ অন্তিমটো কৰ্মদিন। ইয়াৰ পিছত গ্ৰীষ্মৰ বন্ধৰ বাবে আদালত অহা মাহৰ ৫ জুনতহে খুলিব। যাৰ বাবে ৰাহুল গান্ধীৰ আবেদনৰ ৰায় ৫ জুনৰ পিছতহে প্ৰদান কৰিব গুজৰাট উচ্চ ন্যায়ালয়ে

উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকৰ এক ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, ”নীৰৱ মোডী, ললিত মোডী,নৰেন্দ্ৰ মোডীৰ উপাধি কিয় একে? কিয় প্ৰতিটো চোৰৰ উপাধি মোডী হয়?” ৰাহুল গান্ধীৰ এই মন্তব্য পিছতেই বিধায়ক পুৰ্ণেশ মোডীয়ে চুৰাটৰ আদালতত মানহানি গোচৰ তৰে।

এই গোচৰৰ ভিত্তিতেই চলিত বৰ্ষৰ ২৩ মাৰ্চত দোষী সাব্যস্ত কৰি ২ বছৰৰ বাবে কাৰাবাস বিহে। পিছে উক্ত গোচৰটোত লগেই লগেই ৰাহুল গান্ধীয়ে জামিন লাভ কৰিছিল। ইয়াৰ পিছতেই লোকসভাৰ সচিবালয়ে ৰাহুল গান্ধীৰ কেৰেলাৰ সাংসদ পদ খাৰিজ কৰে।

লগতে পঢ়ক – গৱৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচঃ এক বহুমূলীয়া ৰত্ন -পীয়ুষ গোৱেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply