আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল

গুজৰাট আৰু হিমাচল প্ৰদেশত কোনে মাৰিব শেষ হাঁহি?

আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।

ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা।

মুঠ ৩৭টা ভোটকেন্দ্ৰত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

গুজৰাটত ১৮২টা সমষ্টিত মুঠ ১৬২১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ১ আৰু ৫ ডিচেম্বৰত ৰাজ্যখনত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। আনহাতে হিমাচল প্ৰদেশত ৬৮টা সমষ্টিত ৪১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ১২ নৱেম্বৰত হিমাচল প্ৰদেশত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।

গুজৰাটত বৰ্তমানলৈ বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। হিমাচল প্ৰদেশত তুমুল প্ৰতিদ্বন্দ্বিতা চলিছে বিজেপি আৰু কংগ্ৰেছৰ মাজত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply