মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আজিৰ পৰা আৰম্ভ হ’ল চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ। ৪১২ খন বিদ্যালয়ত স্ব-মূল্যায়ন। কাইলৈৰ পৰা ৬ আগষ্টলৈ তিনি দিনীয়াকৈ জিলাখনত গুণোৎসৱ বাহ্যিক মূল্যয়নৰ কাৰ্যসূচী।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৪১২ খন বিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ। আজি জিলা খনৰ ৪১২ খন বিদ্যালয়ত বিদ্যালয় সমূহে নিজে নিজে ছাত্ৰ-ছাত্ৰীৰ মাজত স্ব-মূল্যায়ন কৰে। কাইলৈৰ পৰা ৬ আগষ্টলৈ তিনি দিনীয়াকৈ জিলাখনত গুণোৎসৱ বাহ্যিক মূল্যয়নৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।
লগতে পঢ়ক – জামুগুৰিহাটত নৃশংস ঘটনা: পিতৃয়ে হত্যা কৰিলে পুত্ৰক
ইতিমধ্যে বিদ্যালয় সমূহে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। শেহতীয়া বানৰ বাবে জিলাখনত দুবাৰকৈ গুণোৎসৱৰ কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল। আজি জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰী-ছাত্ৰীক লৈ গুণোৎসৱৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীৰ স্ব-মূল্যায়ন কৰা হয়।