নিউজ ডেস্ক: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত সংবাদমেলযোগে ঘোষণা কৰে গুণোৎসৱৰ ফলাফল। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যজুৰি ১৮ জানুৱাৰী পৰা ১৮ ফেব্ৰুৱাৰীলৈ প্ৰায় এমাহযোৰা কাৰ্যসূচীৰে গুণোৎসৱ অনুষ্ঠিত হৈছিল। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মূল্যায়ন কৰা হৈছে। এইবছৰ ৪৪,৫৩১ খন বিদ্যালয়ে এই গুণোৎসৱত অংশগ্ৰহণ কৰিছিল। ৪১,৩৫,১৪৩ লাখ ছাত্ৰ–ছাত্ৰীক সামৰি লোৱা লগতে ছাত্ৰ–ছাত্ৰীৰ উপস্থিতিৰ হাৰ আছিল ৯৬.৬৯ শতাংশ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ২০১১ ৰ পৰা ২০১৩ চনলৈ ছাত্ৰ–ছাত্ৰীসকলে বিদ্যালয়ৰ ভূল তথ্য দিব পাৰিছিল কিন্তু এতিয়া তেনে নাই, এতিয়া চৰকাৰী পুঁজিৰ সৎ ব্যৱহাৰ হোৱাৰ লগতে প্ৰতিজন ছাত্ৰ–ছাত্ৰীৰ ডিজিটেলী ডাটা আছে। দেখিবলৈ পোৱা যায় যে আৰম্ভণিতে একাংশ লোকে গুণোৎসৱ সফল হোৱা বাবে কাম কৰে আৰু এচাম মানুহে গুণোৎসৱক বিফল কৰাৰ বাবে কাম কৰে। কিন্তু গুণোৎসৱে বাৰে বাৰে প্ৰমাণ কৰিছে “ভাল কামে সদায় শেষত হাঁহি মাৰে।” সদায় ধণাত্মক চিন্তাধাৰাই শেষত জয় লাভ কৰে। মুখ্য সচিবকে ধৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰা চকীদাৰ জনলৈ গুণোৎসৱৰ কাম ভালদৰে কৰিছে । শিক্ষাৰ ক্ষেত্ৰত চালে অসম শীৰ্ষ ৫ৰ ভিতৰত আছে।
এইবাৰ গুণোৎসৱত প্ৰথম স্থান দখল কৰিছে শিৱসাগৰ জিলাই বিগত দুবছৰে শিৱসাগৰ জিলাই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। দ্বিতীয় স্থান দখল কৰিছে চৰাইদেউ জিলাই আৰু তৃতীয় স্থান দখল কৰিছে গোলাঘাট জিলাই। আনহাতে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু চিৰাঙে গুণোৎসৱত ভাল ফলাফল লাভ কৰা নাই। শিক্ষাৰ মানদণ্ড নিম্ন কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙে চাৰি বছৰ ধৰি বেয়া ফলাফল কৰি আহিছে গুণোৎসৱত।
মুখ্যমন্ত্ৰীয়ে ড০ শৰ্মাই কয়, ১১,৮৮৬ খন বিদ্যালয়ে পাইছে ‘এ প্লাছ’, ১৯১৭২ খন বিদ্যালয়ে পাইছে এ গ্ৰেড, ৭৭১০ খন বিদ্যালয়ে পাইছে ‘বি গ্ৰেড, ১৯৭২ খন বিদ্যালয়ে পাইছে ‘চি গ্ৰেড, আৰু ‘ডি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ৭৬৭।
ইয়াৰ লগতে ‘এ প্লাছ’ পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা ১৫,৭৭,৯৬৬, এ গ্ৰেড পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা ১৩,৪৪,১৮৮, ‘বি গ্ৰেড পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা ৬,৮৫,৩৭২, ‘চি গ্ৰেড পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা ২,৬৩,৫৮৯ আৰু ডি গ্ৰেড পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা ২,৬৪,০৪৮।
শিক্ষামন্ত্ৰীক অনুৰোধ জনায় হিমন্ত বিশ্ব শৰ্মাই কয় চি’ আৰু ‘ডি’ গ্ৰেড পোৱা স্কুললৈ গৈ কাৰণ বুজিবলৈ অহা তিনিমাহ কোনো এজন শিক্ষা বিষয়া গৈ এই কাম কৰিব। কিয় চি’ আৰু ‘ডি’ গ্ৰেড পালে ইয়াৰ বিষয়ে বিদ্যালয় শিক্ষকসকলৰ লগত কথা পাতি ভালকৈ কাৰণ বুজিবলৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে।