গুৱাহাটী : এজাক বৰষুণতে ডুব গৈছে মহানগৰী গুৱাহাটীৰ বহু অঞ্চল। শনিবাৰে পুৱাৰ ভাগত পুনৰ অহা বৰষুণে বুৰাই পেলাইছিল মহানগৰীৰ বহু অঞ্চল। শুকুৰবাৰৰ পৰাই বহু অঞ্চল ডুব গৈ আছে কৃত্ৰিম বানপানীত।

প্ৰৱল বৰষুণে মহানগৰী গুৱাহাটীত সৃষ্টি কৰিছে কৃত্ৰিম বানপানীৰ। শুকুৰবাৰে অহা প্ৰৱল বৰষুণে মহানগৰী গুৱাহাটীৰ বহু অঞ্চল বুৰাই পেলাইছিল। অৱশ্যে দিনৰ ভাগৰ পৰা বতৰ কিছু ভাল হোৱাত কেইবাটাও অঞ্চল বানপানী মুক্ত হৈছিল।

লগতে পঢ়ক –  গুনোৎসৱৰ মাজতে ছাত্ৰীক মাৰপিট কাণ্ডৰ তদন্তত নামিল নগাঁৱৰ জিলা প্ৰাথমিক বিষয়া

পুনৰ শনিবাৰে পুৱাৰ ভাগত অহা প্ৰৱল বৰষুণে বুৰাই পেলাই মহানগৰীৰ বহু অঞ্চল। জালুকবাৰী পৰা লখৰা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষত থকা অঞ্চল সমূহ এতিয়া জলমগ্ন হৈ আছে। ইফালে ৰুক্মিণীগাঁও এতিয়াও একঁকাল পানীৰ তলত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply