গুৱাহাটী : স্থানীয় আৰু যুৱ ফুটবলাৰক অধিক সুযোগ দিয়াৰ মানসেৰে গুৱাহাটী ক্ৰীড়া সন্থাই এইবাৰৰ পৰা গুৱাহাটীৰ ফুটবল লীগত বিদেশী খেলুৱৈক অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সন্থাৰ অন্তৰ্গত ৩৬ টা ক্লাবৰে হোৱা আলোচনাৰ পিছত সন্থাই এই সিদ্ধান্ত লয়৷ সন্থাৰ সভাপতি পুলক গোস্বামী আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই এই বিষয়ে জনাই কয় যে অসমত প্ৰতিভাৱান ফুটবলাৰৰ অভাৱ নাই যদিও একমাত্ৰ সুযোগৰ অভাৱৰ বাবে তেওঁলোকৰ প্ৰতিভা বিকশিত নহয়৷ সেয়ে এই ছিজনৰ পৰা গুৱাহাটী ফুটবল লীগত বিদেশী খেলুৱৈ নেখেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে যাতে তাৰ স্থানত প্ৰতিভাৱান স্থানীয় খেলুৱৈয়ে খেলাৰ সুযোগ পায় ৷
অৱশ্যে আন টুৰ্নামেণ্টৰ বাবে ক্লাবসমূহে বিদেশী খেলুৱৈ পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ লগতে প্ৰতিটো দলত চাৰিজনকৈ অনুৰ্ধ ২১ খেলুৱৈ অন্তৰ্ভুক্ত কৰা, প্ৰতিজন খেলুৱৈৰ স্বাস্থ্য বীমা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে সন্থাই। ইয়াৰ উপৰি অকৰ্তৃত্বশীল মেচ খেলা খেলুৱৈৰ বিৰুদ্ধে সংশ্লিষ্ট ক্লাবে সন্থাক অভিযোগ দিলে তেনে খেলুৱৈক নিষিদ্ধ কৰাৰ বিষয়েও বিবেচনা কৰি থকা হৈছে৷ আনহাতে, সন্থাৰ ফুটবল সম্পাদক এল প্ৰণৱ সিঙে জনোৱা মতে ২০২২-২৩ বৰ্ষৰ জিএছএ ফুটবল ছিজন অহা ৬ জুনৰ পৰা চি ডিভিজন কোৱালিফাইং ৰাউণ্ডেৰে আৰম্ভ হ’ব৷ ৭ ৰ পৰা ৯ জুনলৈ সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সকলো ডিভিজনৰ আন্ত:ক্লাব ক্লীয়েৰেন্স আৰু ১০ জুনৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ উইথড্ৰৱেল৷ ১৫ জুনৰ পৰা ১৮ জুনলৈ চি আৰু বি ডিভিজন খেলুৱৈ পঞ্জীয়৷
লগতে পঢ়ক – আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে তৰ্ক প্ৰতিযোগিতা
১৯ জুনৰ পৰা চি আৰু বি ডিভিজন ফুটবল লীগ৷ ১৫ জুলাইৰ পৰা এন এন ভট্ট নকআউট ফুটবল টুৰ্ণামেণ্ট। ১৫ ৰ পৰা ২০ জুলাইলৈ এ আৰু ছুপাৰ ডিভিজন লীগৰ খেলুৱৈ পঞ্জীয়ন। ২২ জুলাই ৰ পৰা এ ডিভিজন ফুটবল লীগ অনুষ্ঠিত হ’ব৷ এই সকলো খেল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ছুপাৰ ডিভিজন আৰু বৰদলৈ ট্ৰফীৰ লগতে প্ৰথমবাৰৰ বাবে আয়োজন হ’ব লগা আন্তঃক্লাব মহিলা ফুটবল লীগ, অনুৰ্ধ ১৩ আৰু ১৬ লীগ তথা স্কুল লীগৰ সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব বুলি জনাইছে সন্থাই।