গুৱাহাটী : আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। পুৱাৰ ভাগৰে পৰা ভোট গ্ৰহণ কেন্দ্ৰ সমূহত দেখিবলৈ পোৱা যায় ভোটাৰ ৰাইজৰ ব্যাপক ভিৰ।

৯ বছৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। আজি গুৱাহাটীবাসী ৰাইজে তেওঁলোকৰ বিভিন্ন সমস্যা সমূহৰ সমাধান বিচাৰি পৌৰ নিগমৰ নিৰ্বাচনত ভোটদান কৰিবলৈ ওলাই আহিছে। পুৱাৰ ভাগত ভোট গ্ৰহণ কেন্দ্ৰ সমূহত পৌৰ নিগমৰ নিৰ্বাচনকলৈ ৰাইজৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উৎসাহ।

পুৱাৰ ভাগৰে পৰা গুৱাহাটীবাসী ৰাইজে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি ভোটদান সাব্যস্ত কৰে। গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে এইবাৰ মুঠ ৭৫৭ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৮০ টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলা দ্বাৰা পৰিচালিত কৰা হৈছে। মুঠ ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব গুৱাহাটীৰ ভোটাৰ ৰাইজে।

লগতে পঢ়ক – বিশিষ্ট কামৰূপী লোকগীতৰ শিল্পী চুমি ডেকাক ‘মন্মথ বৈশ্য সোঁৱৰণী বঁটা’ প্ৰদান

মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত তিনিটা ৱাৰ্ডৰ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। ৫ নং, ৬ নং আৰু ২২ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। উল্লেখ্য যে অহা ২৪ এপ্ৰিল তাৰিখে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply