নিউজ ডেস্ক: সমগ্ৰ ৰাজ্য কঁপাই যোৱা জালুকবাৰী দুৰ্ঘটনাৰ পাছতেই গুৱাহাটীৰ কাৰ ৰেন্টেল এজেঞ্চী, ‘গুৱাহাটী অন হুইলছ’য়ে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা কলেজীয়া শিক্ষাৰ্থীসকলক গাড়ী ভাৰালৈ নিদিয়ে ব্যৱসায়িক গোষ্ঠীটোৱে।

সামাজিক মাধ্যমযোগে প্ৰতিষ্ঠানটোৱে জনাই যে, সুৰাপান কৰি গাড়ী চলোৱাটো কোনো ধৰণৰ সমস্যাৰ উত্তৰ নহয়। সেয়েহে প্ৰতিষ্ঠানটিয়ে আজিৰে পৰা কোনোধৰণৰ কলেজীয়া শিক্ষাৰ্থীক গাড়ী ভাৰালৈ নিদিয়ে।

এই সিদ্ধান্তই প্ৰতিষ্ঠানটিৰ ব্যৱসায়ত যথেষ্ট ক্ষতি কৰিব বুলি জনাৰ পাছতো ব্যৱসায়ৰ পৰিৱৰ্তে দেশৰ মানৱ সম্পদৰ জীৱনক অধিক প্ৰাধান্য দিব বুলি পোষ্টটোৰ জৰিয়তে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply