নিউজ ডেস্ক: ২০২৩ বৰ্ষত অনুষ্ঠিত হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ পিছত অহা ২০ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰথমখন সাধাৰণ সভা অনুষ্ঠিত হ’ব । পুৱা ১০.৩০ বজাত জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত এই সভা অনুষ্ঠিত কৰা হ’ব ।
এই সভাত ক্লাবৰ সংবিধান সংশোধনী, ক্লাবৰ সোণালী জয়ম্ভীৰ আৰম্ভণী অনুষ্ঠানৰ খতিয়ানৰ লগতে বছৰজোৰা কাৰ্যসূচী আৰু কৰ্মৰত সাংবাদিকৰ স্বাস্থ্য বীমা বা দুর্ঘটনা বীমা আদি বিষয়বোৰ আলোচনা কৰা হ’ব। সকলোকে সভাত উপস্থিত থাকি গুৱাহাটী প্ৰেছ ক্লাবক জাকত জিলিকা কৰিব পৰাকৈ কাৰ্যনিৰ্বাহকক পৰামৰ্শ আৰু দিক নির্দেশনা দিবলৈ আহ্বান জনাইছে।