নিউজ ডেস্ক- আজি গুৱাহাটী প্ৰেছ ক্লাবত, প্ৰেছ ক্লাবৰ নিৰ্বাচনী কমিটীৰ সংবাদমেল অনুষ্ঠিত কৰা হয়। উক্ত সংবাদমেলত আগন্তুক গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটাৰ তালিকা, নীতি নিয়ম ইত্যাদিৰ বিষয়ে অৱগত কৰা হয়।
উল্লেখ্য যে, গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য পদৰ বাবে ১১০৭ জনে আবেদন কৰিছিল যদিও ইয়াৰে ৮৩২ জনক সদস্য পদ দিয়া হৈছে। ইতিমধ্যে ৮৩২জন সদস্যৰ ভোটাৰ তালিকাও প্ৰস্তুত কৰা হৈছে।
আগন্তুক গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন ১০ টা পদত অনুষ্ঠিত কৰা হব। পূৰ্ণাংগ ভোটাৰ তালিকা ১৯ মে’ত প্ৰকাশ কৰা হয়। লগতে, ১৯ মে’ৰ পৰা ২১ মে’লৈ আবেদন পত্ৰ ল’ব পৰিব আৰু আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ হৈছে ২৪ মে।
তথ্য অনুসৰি, এই আবেদন পত্ৰসমূহ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত জমা দিব লাগিব। আনহাতে ২৫ মে’ৰ ৫ বজাত এই পত্ৰসমূহৰ পৰীক্ষা কৰা হ’ব। চুড়ান্ত প্ৰাৰ্থীৰ তালিকা ২৭ মে’ত লাভ কৰিব।
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন প্ৰক্ৰিয়া ৩ জুনত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু ৪ জুনত ফলাফল ঘোষণা কৰা হ’ব।
উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰৰ লগতে এখনি শপতনামা পত্ৰ নতুনকৈ সংযোগ কৰা হৈছে।