নিউজ ডেস্ক- গুৱাহাটী ৰেলৱে ষ্টেচনত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ। ৰে’ল আৰক্ষীয়ে আজি পুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ সোণখিনি।

জানিব পৰা মতে, গোপন সূত্ৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অভিযান চলায় সোণৰ বিস্কুটসহ এজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। ব্যক্তিজন ৰাজস্থান বিকানীৰ বাসিন্দা ৰেৱতী ৰমন ছোনি বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। জব্দ কৰা সোণখিনি ওজন ৯৯৭ গ্রাম।

গুৱাহাটী ৰেলৱে ষ্টেচন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রসেনজিত দাসে উল্লেক কৰে যে সৰবৰাহকাৰী ৰেৱতী ৰমন ছোনিয়ে তেওঁৰ কঁকালৰ বেল্টত সোণখিনি লুকুৱাই আনিছিল। এই জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্রায় ৬০ লাখ টকা।

লগতে ডিব্ৰুগড় দিল্লী ৰাজধানী এক্সপ্ৰেছৰৰ জৰিয়তে মৰিয়নীৰ পৰা দিল্লীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ধৃত সৰবৰাহকাৰীজনে। ইতিমধ্যে আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply