হাটশিঙিমাৰী : হাটশিঙিমাৰীত হজ যাত্ৰীক প্ৰশিক্ষণ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হজ যাত্ৰী সকলৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলা হজ কমিটিৰ উদ্যোগত অনুষ্ঠিত এই হজ যাত্ৰী প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা অতিৰিক্ত উপায়ুক্ত তথা হজ কমিটিৰ সাধাৰণ সম্পাদক জগদীশ ব্ৰহ্মাই। এই প্ৰশিক্ষণত জিলা সহকাৰী আয়ুক্ত কৃতাঞ্জলি কাশ্যপ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
লগতে পঢ়ক – থানা জ্বলাই দিয়াৰ নিৰ্দেশ দিয়া যুৱক চিনাক্ত
জিলাখনৰ প্ৰায় শতাধিক হজ যাত্ৰীক সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰশিক্ষণ দিয়া হয়। মংগলবাৰে বিয়লিৰ ভাগত দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰিব হজ যাত্ৰীৰ এই প্ৰশিক্ষণ শিবিৰ।