গুৱাহাটী : দেওবাৰৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ হজযাত্ৰা। বৰঝাৰ বিমানবন্দৰৰ পৰা সুদুৰ মদিনালৈ ১২ দিনত প্ৰায় ৩৫০০ গৰাকী হজযাত্ৰী ৰাওনা হ’ব। বৰঝাৰ বিমানবন্দৰত সুন্দৰ ব্যৱস্থাৰে দেওবাৰে হজযাত্ৰাৰ শুভাৰম্ভণী ঘটিল।

বিগত দুটা বছৰ ক’ভিড মহামাৰীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে যাব পৰা নাছিল পৱিত্ৰ হজযাত্ৰালৈ। কিন্তু এইবেলি কভিড পৰিস্থিতি উন্নত হোৱাত দেওবাৰে শুভাৰম্ভ কৰা হ’ল হজযাত্ৰাৰ। অহা ১৭ জুনলৈ প্ৰতিদিনে ২ খনকৈ বিমানেৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰায় ৩৫০০ গৰাকী হজযাত্ৰী ৰাওনা হ’ব সুদুৰ মদিনালৈ।

লগতে পঢ়ক –  বিশ্ব পৰিৱেশ দিৱসত জামুগুৰিহাটত বিধায়ক পদ্ম হাজৰিকাৰ গছপুলি ৰোপন

দেওবাৰে প্ৰথমদিনা ১৪৯ গৰাকী হজযাত্ৰী ৰাওনা হয় মদিনালৈ। এই হজযাত্ৰাৰ শুভাৰম্ভণী অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, ৰেকিবুদ্দিন আহমেদ, নেকিবুৰ জামান, বিমানবন্দৰ পৰিচালক উৎপল বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰঝাৰ বিমানবন্দৰ চৌহদত হজযাত্ৰী সকলৰ সুবিধাৰ বাবে আছুতীয়াকৈ সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply