নিউজ ডেস্ক : আজি ১৯৮৩ বিশ্ব কাপৰ হি’ৰ ৰজাৰ বিন্নীৰ জন্মদিন। ১৯৮৩ বিশ্ব কাপ ভাৰতীয় দলে জয় কৰিবলৈ সক্ষম হোৱাৰ আঁৰত আছিল ৰজাৰ বিন্নীৰ গুৰুত্বপূৰ্ণ অৱদান। আজি ৰজাৰ বিন্নীয়ে নিজৰ ৬৭ তম জন্মদিন পালন কৰিব। ভাৰতীয় ক্ৰিকেট দলৰ এইগৰাকী মহান প্ৰাক্তন ক্ৰিকেটাৰক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি আহক জানো ৰজাৰ বিন্নীৰ বিষয়ে কিছু কথা।
ৰজাৰ বিন্নী ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলা প্ৰথম গৰাকী এংলো ইণ্ডিয়ান ক্ৰিকেটাৰ। ৰজাৰ বিন্নীৰ জন্ম হৈছিল ১৯ জুলাই ১৯৫৫ চনত ভাৰতৰ বেংগালোৰ চহৰত। ৰজাৰ বিন্নী ভাৰতীয় দলত এগৰাকী অ’ল ৰাউণ্ডাৰ হিচাপে খেলিছিল। ৰজাৰ বিন্নীয়ে ভাৰতীয় দলৰ হৈ পোন প্ৰথমে ২১ নৱেম্বৰ ১৯৭৯ চনত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট মেচ খেলিছিল। ৰজাৰ বিন্নীৰ প্ৰথমখন এদিনীয়া মেচ আছিল ৬ ডিচেম্বৰ ১৯৮০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।
ৰজাৰ বিন্নী ১৯৮৩ চনৰ ক্ৰিকেট বিশ্ব কাপত ভাৰতীয় দলৰ হি’ৰ আছিল। ভাৰতে ১৯৮৩ চনৰ ক্ৰিকেট বিশ্ব কাপ দখল কৰিবলৈ সক্ষম হোৱাৰ আঁৰত আছিল ৰজাৰ বিন্নীৰ গুৰুত্বপূৰ্ণ অৱদান। ১৯৮৩ চনৰ ক্ৰিকেট বিশ্ব কাপত ১৮ টাকৈ বিকেট দখল কৰা ৰজাৰ বিন্নী আছিল সেই বিশ্ব কাপৰ সবাতোকৈ অধিক বিকেট দখল কৰা বলাৰ। ১৯৮৩ ৰ ক্ৰিকেট বিশ্ব কাপত ৰজাৰ বিন্নীয়ে আটাইকেইটা মেচতে ভাল প্ৰদৰ্শন কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰা প্ৰদৰ্শন আজিও ক্ৰিকেট প্ৰেমীয়ে পাহৰিব পৰা নাই।
লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে খেলা ১৯৮৩ চনৰ ক্ৰিকেট বিশ্ব কাপৰ মেচখনত ভাৰতে অষ্ট্ৰেলিয়াৰ সন্মুখত ৬০ অভাৰত ২৪৭ ৰানৰ লক্ষ্য বান্ধি দিছিল। সেই মেচখনত ৰজাৰ বিন্নীয়ে ৮ অভাৰ বলিং কৰি ২৯ ৰানৰ খৰচ কৰি ৪ টাকৈ বিকেট দখল কৰিছিল। ৰজাৰ বিন্নীয়ে ১৯৭৯ ৰ পৰা ১৯৮৭ চন পৰ্যন্ত ভাৰতৰ হৈ ২৭ খন টেষ্ট আৰু ৭২ খন এদিনীয়া ক্ৰিকেট মেচ খেলিছিল। ৰজাৰ বিন্নীয়ে টেষ্ট মেচত ৪৭ টা আৰু এদিনীয়া মেচত ৭৭ টা বিকেট দখল কৰিছিল। আনহাতে টেষ্টত ৮৩০ আৰু এদিনীয়াত ৬২৯ ৰান সংগ্ৰহ কৰিছে।