নিউজ ডেস্ক : হাৰ্ডিক পাণ্ডিয়াই ৰোহিত শৰ্মাক গালি পাৰিছিল নেকি ? ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত হাৰ্ডিক পাণ্ডিয়াই ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক গালি দিয়া বুলি দাবী কৰা হৈছে।

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টী-২০ শৃংখলা ইতিমধ্যে ভাৰতীয় দলে ২-০ ৰে দখল কৰিছে। শৃংখলাৰ তৃতীয় মেচ দেওবাৰে খেলা হয়। কিন্তু শৃংখলাৰ দ্বিতীয় মেচৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভাইৰেল ভিডিঅ’টোত অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াকলৈ এক দাবী কৰা হৈছে।

লগতে পঢ়ক – তিনিচুকীয়াৰ বৰডুমছাত আৰক্ষী-আলফা স্বাধীনৰ মাজত গুলীয়াগুলী

ভাইৰেল ভিডিঅ’টোত অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই অধিনায়ক ৰোহিত শৰ্মাক গালি দিয়া বুলি দাবী কৰা হৈছে। হাৰ্ডিক পাণ্ডিয়াই অধিনায়ক ৰোহিত শৰ্মাক গালি দিয়া ষ্টাম্পৰ মাইকত আৱদ্ধ হোৱা বুলিও দাবী কৰা হৈছে। ১০-১৫ ছেকেণ্ডৰ এই ভিডিঅ’ স্পষ্টভাৱে একো ধৰিব নোৱাৰি যদিও ভিডিঅ’টো ভাইৰেল হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply