নিউজ ডেস্ক – লেখক, পৰিচালক, কবি তথা অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পাৰ্থসাৰথি মহন্ত পুনৰ উজ্বলিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। মহন্তৰ দ্বাৰা পৰিকল্পিত – পৰিচালিত দুখনকৈ ছবি ক্ৰমে হাড়গিলা আৰু লাচিত দ্য ৱাৰিয়ৰে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দুটাকৈ সন্মানীয় পুৰস্কাৰেৰে উজ্বলি উঠিছে। ‘হাড়গিলা’ই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰাৰ বিপৰীতে আৰু এনিমেছন তথ্যচিত্ৰৰ জীৱনীমূলক ছবি ‘লাচিত, দ্য ৱাৰিয়াৰ’ৰ বাবে পাৰ্থসাৰথি মহন্তই লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।
সন্মানীয় জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দুটাকৈ বঁটাৰে উজ্বলি উঠা এয়া আছিল অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। পৰিচালক, সু-কবি আৰু আইপিএছ বিষয়া পাৰ্থ সাৰথি মহন্তৰ ‘হাড়গিলা’ই শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত শীৰ্ষ স্থান লাভ কৰে। বৰ্তমান মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত মহন্তই তেওঁৰ এনিমেচন তথ্যচিত্ৰৰ জীৱনীমূলক ছবি ‘লাচিত, দ্য ৱাৰিয়ৰ’ৰ বাবেও শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।

উল্লেখ্য যে কিংবদন্তী চলচ্চিত্ৰ পৰিচালক, লেখিকা তথা যশস্বী অভিনেত্ৰী অপৰ্ণা সেনে বঁটাসমূহ প্ৰদান কৰে। পাৰ্থ সাৰথি মহন্তৰ ‘হাড়গিলা’ ছবিখন প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। ছবিখনৰ পৰিচালনা কৰিছিল সমুজ্জল কাশ্যপৰ। এই ছবিখন বিলুপ্তপ্ৰায় হাড়গিলাৰ দ্ৰুত মৃত্যুৰ ওপৰত আধাৰিত। উল্লেখ্য যে হাড়গিলা হৈছে সমগ্ৰ বিশ্বৰে বিশটা আটাইতকৈ বিপদাপন্ন প্ৰজাতিৰ তালিকাৰ অন্যতম।
স্মৰ্তব্য যে কামৰূপ জিলাৰ দদৰা-পাছৰিয়া অঞ্চলবোৰ সাধাৰণতে এই চৰাইবিধৰ বাসস্থান, য’ত বিশিষ্ট পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনে অতি পদ্ধতিগতভাৱে এই বিপদাপন্ন প্ৰজাতিটোৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি আহিছে, আৰু ইয়াক সংৰক্ষণৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। উল্লেখ্য যে বৰ্মনে এলেকাটোৰ স্থানীয় মহিলাসকলক একত্ৰিত কৰি এই কামত নিয়োজিত হৈছে। যাৰ নাম দিয়া হৈছে হাৰগিলা আৰ্মী।

জানিব পৰামতে পূৰ্ণিমা দেৱী বৰ্মনে এই অভিযানত পাৰ্থসাৰথি মহন্তৰ পৰা যথেষ্ট সহায় আৰু সহযোগিতা লাভ কৰিছিল, যি সেই সময়ত কামৰূপৰ (গ্ৰাম্য) আৰক্ষী অধীক্ষক আছিল আৰু তেওঁৰ নেতৃত্বতে জিলাখনৰ আৰক্ষী প্ৰশাসনেও সকলো সম্ভৱ সহায় আগবঢ়াইছিল। এই তথ্যচিত্ৰখনৰ প্ৰযোজক – পৰিচালকে কয় যে বিপদাপন্ন প্ৰজাতিৰ ওপৰত আধাৰিত ছবিখনৰ এই সফলতাক হাৰগিলা সংৰক্ষণৰ বাবে অঞ্চলটোৰ মহিলাসকলে কৰা নিৰলস আৰু সমৰ্পিত প্ৰচেষ্টাৰ প্ৰমাণ হিচাপে গণ্য কৰা হৈছে।
উল্লেখ্য যে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উপৰিও, হাড়গিলাই মুম্বাই চুটি ছবি মহোৎসৱ, দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱা চলচ্চিত্ৰ মহোৎসৱ, পুনে চলচ্চিত্ৰ মহোৎসৱ, ঠাকুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, বন্যপ্ৰাণী সংৰক্ষণ চলচ্চিত্ৰ মহোৎসৱ (নিউয়ৰ্ক) আৰু এছ.এ.এফ.এ. (এনিমেশ্যন, বন্যপ্ৰাণী, মনোৰঞ্জন, সংৰক্ষণ) ত প্ৰদৰ্শিত হৈছে। এয়া নিসন্দেহে অসমবাসীৰ বাবে গৌৰৱৰ বিষয়।

পাৰ্থ সাৰথি মহন্তই তেওঁৰ এনিমেছন তথ্যচিত্ৰ ৰ জীৱনীমূলক ছবি লাচিত, দ্য ৱাৰিয়ৰৰ বাবে পৰিচালকৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিছিল। কেৱল সেয়াই নহয়, অনুপম মহন্তই একেখন চলচ্চিত্ৰৰ বাবে সৃষ্টিশীল পৰিচালনাৰ বাবেও শ্ৰেষ্ঠ বঁটা লাভ কৰিছে।
ইয়াৰ উপৰিও, পাৰ্থ সাৰথি মহন্তৰ দ্বাৰা ৰচিত লাচিতৰ কিংবদন্তি জীৱন সংক্ৰান্তীয় কবিতাটোৱে চলচ্চিত্ৰ মহোৎসৱত যথেষ্ট প্ৰশংসা লাভ কৰিছে। এনিমেছন ভিত্তিক থকা বায়োপিক তথ্যচিত্ৰখনত সেনাপতি লাচিতৰ জন্ম আৰু বংশ, তেওঁৰ অসাধাৰণ বীৰত্ব আৰু তেওঁৰ মাতৃভূমিৰ প্ৰতি ত্যাগ আৰু প্ৰেমক অসামান্য ৰূপত বৰ্ণনা কৰা হৈছে। কবিতাটো পাঠ কৰিছে বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ডঃ অমৰ জ্যোতি চৌধুৰীয়ে।