গুৱাহাটী : হাতীগাঁও আৰক্ষীৰ সফল অভিযান। এগৰাকী মহিলাৰ ঘৰৰ পৰা হাতীগাঁও আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা। মহিলা গৰাকীৰ ঘৰৰ পৰা জব্দ ৭.৩৮ কেজি গাঞ্জা। ৪ লাখতকৈও অধিক নগদ ধনো জব্দ কৰে হাতীগাঁও আৰক্ষীয়ে।
হাতীগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। হাতীগাঁও অঞ্চলৰ সিজুবাৰীত হাতীগাঁও আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই ৭.৩৮ কেজি গাঞ্জা আৰু নগদ ৪ লাখতকৈও অধিক ধন জব্দ কৰিছে।
লগতে পঢ়ক – মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ
মায়ুৰী বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা চলাই আছে। মহিলা গৰাকী দীর্ঘদিন ধৰি হাতীগাঁও অঞ্চলত গাঞ্জাৰ বেহা চলাই আছিল বুলি জানিব পৰা গৈছে।