নিউজ ডেস্ক : আজি ডিব্ৰুগড় সংঘটিত হৈছে এক অঘটন। ডিব্ৰুগড় বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে।

বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ দিশে গৈ থকা এখন গাড়ীত উঠি গৈছিল যুৱকজন। তাৰ পাছতে গাড়ী পৰা নামি যুৱকজনে বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে। জানিব পৰামতে যুৱকজন ডিগবৈৰ অনিকৃত দত্ত ।

অৰুণাচলত ইঞ্জনিয়াৰিং পাঠ্যক্ৰম গ্ৰহণ কৰি আছিল যুৱকজনে। ইতিমধ্যে ঘটনাস্থলিত উপস্থিত হৈছে পৰিয়ালৰ লোক। যুৱকজনক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে লেপটপ, মোবাইলসহ কিছু সামগ্ৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply