মানকাচৰ : মানকাচৰৰ জোৰডাঙ্গা বিএছএফ কেম্পত বিনামূলীয়া পশু চিকিৎসা শিবিৰ। ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত বসবাস কৰা সাধাৰণ লোকৰ সৈতে বিএছএফৰ সু-সম্পৰ্ক গঢ়ি তোলাৰ বাবে মানকাচৰৰ জোৰডাঙ্গা বিএছএফ কেম্পত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

এই শিবিৰত দুই শতাধিক পশু ধনক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। ৪৫ নং বেটেলিয়ান বিএছএফ বাহিনীয়ে মানকাচৰৰ জোৰডাঙ্গা বিএছএফ কেম্পত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। সাংসদ আজমলৰ আদৰ্শ গাঁও পঞ্চায়তৰ অধীনত থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত বসবাস কৰা পশু পালক সকলে নিজৰ নিজৰ গৰু, ম’হ, ছাগলী লৈ এই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰে। বিএছএফ আৰু হাটশিঙিমাৰী মহকুমা পশু চিকিৎসকৰ দল এটা পশু ধন সমূহৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে।

লগতে পঢ়ক – উৎকোচ লৈ থকা সময়তে হাতে লোটে ধৰা পৰিল অভিযন্তা

এই অনুষ্ঠানত ৪৫ নং বেটেলিয়ান বিএছএফৰ তুৰা সহকাৰী কমাণ্ডেণ্ট মনিশ নেগী মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিবিৰৰ শুভাৰম্ভ কৰে। আনহাতে বিএছএফৰ আন কেইবাজনো শীৰ্ষ বিষয়াৰ লগতে কুচনীমাৰা জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিউটি হালিমা মণ্ডলৰ অভিভাৱক তথা বিশিষ্ট সমাজ সেৱক আনোৱাৰ ইছলাম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই পশু চিকিৎসা শিবিৰত পোহনীয়া গৰুক এফএমডি ভেকচিন প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply