নিউজ ডেস্ক – বিশ্বত পুনৰ সংক্ৰমণ আৰম্ভ হৈছে মহামাৰী ক’ভিডৰ। শেহতীয়াকৈ চীনত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডে। বিশ্বৰ একাধিক দেশত এই মহামাৰীয়ে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত কেন্দ্ৰীয় চৰকাৰে ব্যাপক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷
ইয়াৰ সমান্তৰালকৈ অসমতো ইতিমধ্যে সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। লগতে কভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে প্ৰতিখন চিকিৎসালয় তথা স্বাস্থ্য বিভাগ। তাৎপৰ্যপূৰ্ণভাৱে কালি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সমাগত নৱবৰ্ষৰ প্ৰথমটো মাহতে প্ৰয়োজন সাপেক্ষে ৰাজ্যত নতুন কভিড এছ অ’ পি জাৰি কৰাৰ ইংগিত দিছে৷
কালি তেওঁ কয় যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সংশ্লিষ্ট বিষয়াবৰ্গক লৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হ’ব আৰু তেতিয়াই প্ৰয়োজনীয় দিশবোৰৰ ওপৰত ভিত্তি কৰি নতুন এছ অ’ পি জাৰি কৰা হ’ব৷ তেতিয়ালৈকে ৰাজ্যত ক’ভিড সন্দৰ্ভত চলি থকা পুৰণি এছ অ’ পিখনেই বাহাল থাকিব বুলিও তেওঁ সদৰী কৰে৷
স্বাস্থ্য মন্ত্ৰীজনে কয় যে ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়তে ইতিমধ্যে কভিডৰ প্ৰস্তুতিক লৈ মকড্ৰিল হৈছে৷ ৰাজ্য চৰকাৰে সকলো চিকিৎসালয়কে কভিডৰ সকলো খবৰ তৎক্ষণাৎ চৰকাৰক অৱগত কৰাৰ নিৰ্দেশ দিছে৷ ক’ৰবাত কভিড ৰোগীৰ সংক্ৰমণৰ তথ্য থাকিলেই স্বাস্থ্য বিভাগে সেই তথ্য লাভ কৰিব আৰু তাৰ পাছতে চৰকাৰে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব৷
ৰাজ্য চৰকাৰে কভিডৰ সৈতে যুঁজ দিবলৈ সম্পূৰ্ণ প্ৰস্তুতি কৰাৰ কথাও ঘোষণা কৰি মন্ত্ৰীজনে কয় যে প্ৰতিখন চিকিৎসালয়তে সুকীয়াকৈ আই চি ইউৰ লগতে অক্সিজেনৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটীত ১০০ খন বিছনাৰ এটা আই চি ইউ কেৱল কভিড ৰোগীৰ বাবে সাজু কৰি ৰখাৰ লগতে আই চি ইউত ভৰ্তি কৰাৰ পূৰ্বে প্ৰয়োজন হ’বলগীয়া বিছনা, অক্সিজেন আদি সাজু কৰা হৈছে বুলি কয়৷
উল্লেখ্য যে মাস্কৰ ব্যৱহাৰ এতিয়াও বাধ্যতামূলক কৰা নাই যদিও নিজৰ সুৰক্ষাৰ বাবেই প্ৰয়োজন আছে বুলিও কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ ইফালে ক’ভিড প্ৰ’ট’কল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰে সঘনে যোগাযোগত আছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে৷