নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ পদাধিকাৰী সকলৰ সৈতে সোমবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে এক বৈঠক মিলিত হয়। বৈঠকত মন্ত্ৰী গৰাকীয়ে কুষ্ঠ ৰোগ নিবাৰণৰ বাবে লোৱা বিভিন্ন ব্যৱস্থাৱলী সৰ্ন্দভত পৰ্যালোচনা কৰোঁ।

বৈঠকত অত্যাধুনিক চিকিৎসা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰে কুষ্ঠৰোগী সকলক আৰোগ্য কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা সমূহৰ সংক্ৰান্তত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। লগতে, কুষ্ঠৰোগত আক্ৰান্ত ৰোগীৰে মতবিনিময় কৰি তেওঁলোকৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ সৰ্ন্দভতো মন্ত্ৰী গৰাকী অৱগত হয় ৷

এই পৰ্যালোচনাত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ পি যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালিকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীল মাধৱ দাসৰ লগতে স্বাস্থ্যসেৱা সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পদাধিকাৰী সকলে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক – চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ৬ টাকৈ নতুন প্ৰকল্প মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply