নিউজ ডেস্কঃ দাৰ্জিলিঙৰ এখন আদালতে আজি ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে দাখিল কৰা ১ কোটি টকাৰ মানহানিৰ গোচৰৰ শুনানি ল’ব। গোচৰটো প্ৰাক্তন মুখ্য ন্যায়াধীশৰ আত্মজীৱনী ‘JUSTICE FOR THE JUDGE‘ৰ সৈতে সম্পৰ্কিত। অসমৰ এটা বেচৰকাৰী সংগঠনৰ অসম পাব্লিক ৱৰ্কছ এনজিঅ’ৰ সভাপতি অভিজিত শৰ্মাই দাবী কৰিছিল যে ৰঞ্জন গগৈৰ আত্মজীৱনীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন (এন আৰ চি) সম্পৰ্কে বিভ্ৰান্তিকৰ ভাৱে লিখিছে। সেইকাৰণে তেওঁৰ আত্মজীৱনী নিষিদ্ধ কৰা উচিত বুলি আদালত দাবী জনাইছে।

১০ মে’ত গোচৰটোৰ শুনানিৰ সময়ত আদালতে কয় যে নথিপত্ৰসমূহ পঢ়াৰ পিছত দেখা গৈছে যে আইন আৰু বাস্তৱ দুয়োটা ক্ষেত্ৰতে নিৰ্দিষ্ট প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন। আদালতে এতিয়া দুয়োপক্ষক চমন জাৰি কৰিছে। আদালতে বিষয়টো ৩ জুনত পৰৱৰ্তী শুনানিৰ বাবে ৰাখিছিল।

মন কৰিবলগীয়া যে, অভিজিত শৰ্মাই প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম আঁতৰাবলৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। যদিও গোচৰটো বিচাৰাধীন হৈ আছে তথাপিও উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত ২০১৫ চনত অসমত এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰঞ্জন গগৈয়ে প্ৰকাশ কৰা আত্মজীৱনী খনৰ ওপৰত নিষেধাজ্ঞা বিচাৰি শৰ্মাই আদালতত আবেদন দাখিল কৰিছিল। তেওঁৰ আবেদনত তেওঁ কয় যে অৱসৰৰ পিছত প্ৰাক্তন মুখ্য ন্যায়াধীশে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক তেওঁৰ পদৰ পৰা আঁতৰাই মধ্য প্ৰদেশলৈ স্থানান্তৰ কৰাৰ বিষয়ে যি লিখিছে সেইয়া সম্পূৰ্ণ ভুল।

লগতে, শৰ্মাই আবেদনত কয়, প্ৰাক্তন মুখ্য ন্যায়াধীশে তেওঁৰ আত্মজীৱনীত আন বহুতো অভিযোগ উত্থাপন কৰিছে। যিটো স্বাভাৱিকতে মিছা আৰু বিদ্বেষপূৰ্ণ। ইয়াৰ উদ্দেশ্য হৈছে সেই লোকসকলক বদনাম কৰা।

লগতে পঢ়ক – উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ পাছতেই ৪৮ খনকৈ ৰে’লৰ চলাচল বাতিল, অসমলৈ অহা দুখন ৰে’ল বাতিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply