নিউজ ডেস্কঃ বিতৰ্কিত হিন্দী ছবি আদিপুৰুষ ওপৰত নিষেধাজ্ঞাৰ বাবে আবেদন কৰা এখন PIL ৰ ওপৰত আজি দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰা হ’ব। দুসপ্তাহ আগতে দাখিল কৰা উক্ত আবেদনখন লগে লগেই আদালতে গোচৰটো দ্ৰুততাৰে শুনানি ল’বলৈ অস্বীকাৰ কৰিছিল। নিষেধাজ্ঞাৰ বাবে আবেদনৰ বিষয়টো ২১ জুনত ন্যায়াধীশ তাৰা বিট্টা গাঞ্জু আৰু অমিত মহাজনৰ অৱকাশকালীন বিচাৰপীঠৰ সন্মুখত ৰখা হৈছিল। বিচাৰপীঠে কয় যে, যিহেতু ছবিখন মুক্তি পাইছে, সেইবাবে বিষয়টো এতিয়া সোনকালে শুনানি লোৱাৰ কোনো অৰ্থ নাই।

আদালতে বিষয়টো ৩০ জুনত অৰ্থাৎ আজিৰ বাবে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছিল। হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই ছবিখন নিষিদ্ধ কৰিবলৈ উক্ত আবেদনখন দাখিল কৰিছিল। আবেদনত গুপ্তাই কয় যে, চলচ্চিত্ৰখনে আমাৰ শ্ৰদ্ধেয় দেৱতাসকলক ভুলকৈ উপস্থাপন কৰিছে, যিটো আপত্তিজনক। সেয়েহে, এনে চলচ্চিত্ৰৰ প্ৰদৰ্শন নিষিদ্ধ কৰা উচিত।

ইয়াৰ লগতে আৱোদন কোৱা হৈছে, আদিপুৰুষ চলচ্চিত্ৰখনত ভগৱান ৰাম, মাতা সীতা আৰু হনুমানজীক যিধৰণে চিত্ৰিত কৰা হৈছে সেয়া মহৰ্ষি বাল্মীকিৰ ৰামায়ণ আৰু তুলসীদাসৰ ৰামচৰিতমানসৰ সম্পূৰ্ণ বিপৰীত। ওম ৰাউতৰ দ্বাৰা পৰিচালিত এই ছবিখনে হিন্দুসকলৰ অনুভূতিক আঘাত কৰিছে। ছবিখনত যিধৰণে তথ্য বিকৃত কৰা হৈছে তাৰ দ্বাৰা আমাৰ মন চিন্তিত আৰু বিচলিত হৈ পৰিছে।

ইয়াৰোপৰি গুপ্তাই আবেদন খনৰ জৰিয়তে কয়, যিসকল আৰ্থিকভাৱে দুৰ্বল বা কোনো কাৰণতে আদালতলৈ আহিব নোৱাৰে তেওঁলোকৰ হৈও উক্ত পিআইএল খন দাখিল কৰা হৈছিল। যিহেতু তেওঁলোকৰ অনুভূতিও আঘাত প্ৰাপ্ত হৈছে, এই পিআইএলখনে তেওঁলোককো প্ৰতিনিধিত্ব কৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক আদিপুৰুষত হিন্দুৰ পূজ্য দেৱতাসকলক কিয় অন্য ধৰণৰে উপস্থান কৰা হৈছে তাক অৱগত কৰাৰ বাবে ৪ অক্টোবৰৰ সময়সীমা বান্ধি দিয়া হৈছে। অৱশ্যে, এতিয়ালৈকে আদিপুৰুশৰ নিৰ্মাাতা সকলে কোনো সঁহাৰি দিয়া নাই।

লগতে পঢ়ক – পলাতক ঘগ্ৰাপাৰা আৰক্ষী চকীৰ অভিযুক্ত SI

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply