নিউজ ডেস্ক- এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰত মৃত্যু হোৱাৰ পাছতে মঙলদৈৰ এখন নাৰ্ছিং হোমত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মঙলদৈ চহৰৰ JNSM পলিক্লিনিকত শনিবাৰে বৰুৱাঝাৰৰ আছাদুল্লাহ হক নামৰ এগৰাকী ব্যক্তিৰ গল্ড ব্লাডাৰৰ অস্ত্ৰোপচাৰ কৰা সময়তে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

ইয়াকে কেন্দ্ৰ কৰি ৰোগীগৰাকীৰ আত্মীয়ই ক্ষোভ উজৰাত চিকিৎসালয়খনত কৰ্মৰত এগৰাকী নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰে পৰিয়ালৰ লোকক। এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভুক্তভোগী পৰিয়ালটোৱে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰে।

লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন দৰং জিলা সমিতিয়ে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত ঘটনা সন্দৰ্ভত এক স্মাৰক পত্ৰও প্ৰদান কৰিছে ৷

ইফালে, পূৰ্বেও JNSM নাৰ্ছিং হোমখনত বহু কেইগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে বুলি অভিযোগ উত্থাপন কৰি চিকিৎসক বিপ্লৱ বৰা এজন হত্যাকাৰী বুলি কয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দৰং জিলা সমিতিয়ে। আনহাতে, ৰোগীগৰাকীৰ আত্মীয়ই এজাহাৰ দাখিল কৰাৰ পাছতে চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষী গৰাকীক আটক কৰে মঙলদৈ আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply