নিউজ ডেস্ক: ঘূৰ্ণীবতাহ ম’কাৰ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাননী জাৰী কৰিছে। বংগোপ সাগৰত উৎপন্ন হোৱা সামুদ্রিক ঘূর্ণীবতাহ ম’কাৰ প্ৰভাৱ ইতিমধ্যে বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলীয় অঞ্চলত পৰা দেখা গৈছে।
মঙলবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৪ দিনলৈ অসমত মোচাৰ প্ৰভাৱ পৰিব বুলি সদৰী কৰে। এই সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । প্ৰতি ঘণ্টাত ৫০ ৰ পৰা ৭০ কিলোমিটাৰ পৰ্যন্ত গতিবেগত ধুমুহা বলাৰো সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কেইবাটাও অঞ্চলত যোৱা সোমবাৰৰ পৰা প্ৰবল বৃষ্টিপাত হোৱা দেখা গৈছে । ১৬, ১৭, ১৮ আৰু ১৯ মে’ত অসমত অঞ্চল বিশেষে অতি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আকৌ ২০ মে’ত অসমৰ কেইবাটাও অঞ্চলত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত এই সময়ছোৱাত বতৰ প্ৰধানতঃ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে