প্ৰচণ্ড ধুমুহাৰ পিছত আমৰিকাৰ কেলিফ’ৰ্ণিয়াত ৭০ হাজাৰতকৈও অধিক ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান এতিয়া হৈ পৰিছে বিদ্যুৎবিহীন। বুধবাৰে প্ৰশান্ত মহাসাগৰত এক নিম্ন চাপৰ সৃষ্টি হৈছিল। যাৰবাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চহৰখনত ধুমুহা আৰু প্ৰবল বৰষুণৰ লগতে প্ৰচণ্ড তুষাৰপাতৰ সৃষ্টি হৈছিল।
ফলস্বৰূপে, চহৰখনত ৰাজহুৱা জীৱন ব্যাহত হৈ পৰে। ইয়াৰ প্ৰভাৱ এতিয়াও কেলিফৰ্ণিয়াত সম্পূৰ্ণৰূপে দূৰ হোৱা নাই।
বুধবাৰে ১০ হাজাৰতকৈও অধিক ঘৰ বিদ্যুত বিচ্ছিন্ন হৈ পৰিছিল। ৰাস্তাত জমা হোৱা পানী আৰু গছ-গছনি ভাঙি পৰাৰ বাবে যান-বাহনৰ চলাচলো বন্ধ হৈছিল।
অৱশ্যে, পেচিফিক গেছ এণ্ড ইলেক্ট্ৰিক কোম্পানীয়ে জনাইছে যে ই ইতিমধ্যে ৪ লাখ গ্ৰাহকক বিদ্যুৎ সেৱা পুনৰ যোগান ধৰিবলৈ সক্ষম হৈছে।