মানকাচৰ : মানকাচৰৰ বান প্ৰভাৱিত অঞ্চলত স্বাস্থ্য মেলা। মানকাচৰৰ কুচনীমাৰাত জিলা প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য মেলা। কেইবা শতাধিক লোকৰ লগত পশুৰো স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়।

মঙলবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কুচনীমাৰা আদৰ্শ গাঁও পঞ্চায়তত জিলা প্ৰশাসনৰ উদ্যোগত এক স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয়।উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত তৃতীয়বাৰৰ বাবে এই স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয়।

বানৰ পাছত যাতে কোনো বানাক্ৰান্ত লোক বেমাৰত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্বাস্থ্য মেলা অনুষ্ঠিত কৰে জিলা প্ৰশাসনে। এই স্বাস্থ্য মেলাৰ জৰিয়তে বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। একেদৰে এই স্বাস্থ্য মেলাত পশুধনৰো স্বাস্থ্য পৰীক্ষা কৰি বেমাৰ নিৰ্মূলৰ বাবে ঔষধ বিতৰণ কৰা হয়। মানকাচৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কায়স্তৱ দাসে এই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply