নিউজ ডেস্ক: আপোনাৰ Aadhaar কাৰ্ড আৰু PAN লিংক কৰা হৈছেনে? যদি কৰা নাই তেন্তে উল্লেখ কৰা পদ্ধতিসমূহ অনুসৰণ কৰি Aadhaar কাৰ্ড আৰু PAN লিংক কৰিব পাৰি –
Step 1: আয়কৰ বিভাগৰ ই-ফাইলিং প’ৰ্টেলটোলৈ যাওক
http://incometaxindiaefiling.gov.in/
Step 2: বাওঁফালে থকা ‘Link Aadhaar’ স্থানত ক্লিক কৰক।

Step 3: PAN নম্বৰ, Aadhar নম্বৰ আৰু ফোন নম্বৰ দাখিল কৰক।

Step 4: ‘Link Aadhaar’-তল ক্লিক কৰক। আয়কৰ বিভাগে আপুনি দাখিল কৰা তথ্যসমূহ পৰীক্ষা কৰিব আৰু তাৰ পিছত আপোনাৰ PAN আৰু Aadhar লিংক সম্পূৰ্ণ হৈ উঠিব।

ইয়াৰ উপৰি SMSৰ জৰিয়তেও আপুনি PAN আৰু Aadhar লিংক কৰিব পাৰে। SMSৰ জৰিয়তে লিংক কৰিবলৈ আপোনাৰ পঞ্জীভুক্ত মোবাইল নম্বৰৰ পৰা UIDPAN টাইপ কৰক (১২টা সংখ্যাৰ Aadhar নম্বৰ), স্পে’চ দিয়ক (১০টা সংখ্যাৰ PAN নম্বৰ) আৰু 567678 বা 56161 লৈ প্ৰেৰণ কৰক।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এক জাননী যোগে ৩১ মাৰ্চ, ২০২২ চনৰ ভিতৰত Aadhar কাৰ্ডৰ সৈতে PAN লিংক কৰাটো বাধ্যতামূলক কৰিছে।
লগতে পঢ়ক – ছিপাঝাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতি আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু কৰ্মশালাৰ সামৰণি