নিউজ ডেস্ক: মিজোৰামৰ ৰাজধানী আইজলত বুধবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰইনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰইনখিনিৰ মূল্য ৩২ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আইজলৰ মিলেনিয়াম চেণ্টাৰত ৬৫ গ্ৰাম হেৰইনসহ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰে।
ধৃত মহিলা গৰাকীক ২৩ বছৰীয়া মলছাউকিমি বুলি চিনাক্ত কৰা হৈছে, মহিলা গৰাকীৰ ঘৰ আইজলত বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে তদন্ত চলাই থকা হৈছে বুলি বিষয়া গৰাকীয়ে জনায়।
লগতে পঢ়ক – হাজোত ৫টা দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰ, ৱালাবি উদ্ধাৰ; এজনক গ্ৰেপ্তাৰ