নিউজ ডেস্ক: আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰো নাই। ইফালে ২০২৬ত ৰাজ্যত বিধানসভা নিৰ্বাচন। পূৰ্বৰ দৰেকৈ এইবাৰো দুয়োটা নিৰ্বাচনতে বিজেপিৰ সমূখত মুথথেকেচা নাখাবৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিছে কংগ্ৰেছ হাইকামাণ্ডে। পূৰ্বৰ কেউটা নিৰ্বাচনতে কেন্দ্ৰৰ কৌশল অৱলম্বন কৰি লজ্জাজনক পৰাজয়ৰ মুখ দেখা বুলি অজুহাত দেখুৱাই অহা অসম প্ৰদেশ কংগ্ৰেছক এইবাৰ নিজৰ সিদ্ধান্ত নিজেই ল’বলৈ নিৰ্দেশ দিছে কংগ্ৰেছ হাইকামাণ্ডে।

শেহতীয়া তথ্য অনুসৰি একাধিক সাংগঠনিক বিষয়ক লৈ দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত মিলিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা প্ৰমুখ্যে ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়া। এই বৈঠকতে আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ উপৰিও বিশেষকৈ আসন্ন পঞ্চায়ত নিৰ্বাচনক লৈ বিশদভাৱে আলোচনা কৰে। এই আলোচনাকালতে লোকসভা বা পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমত বিৰোধী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ বিষয়টোত প্ৰদেশ কংগ্ৰেছকে সিদ্ধান্ত লোৱাৰ দায়িত্ব দিয়া হৈছে। তথ্য অনুসৰি প্রদেশ কংগ্ৰেছৰ নেতৃত্বই সর্বসম্মতক্রমে এইক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তকে এ আই চি চিয়ে গ্রহণ কৰিব বুলি এই বৈঠকতে অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে স্পষ্ট কৰি দিছে।

উল্লেখ্য যে এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা প্ৰসঙ্গইয়ো বৈঠকত ঠাই পায় যদিও অদূৰ ভৱিষ্যতে বদৰুদ্দিন আজমলৰ দলটোৰ সৈতে কোনো কাৰণতে মিত্ৰতা নকৰাৰ সিদ্ধান্তক লোৱা হয়। এই বৈঠকৰ পিছতে সৰ্বত্ৰে এতিয়া চৰ্চা লাভ কৰা বিষয়টো হৈছে প্ৰকাৰন্তৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমূখত ছাৰেণ্ডাৰ কৰিলে নেকি কংগ্ৰেছ হাইকামাণ্ডে? এপিচিচিৰ মূৰব্বীয়ে যি ভাল দেখে সেয়াই কৰক বুলি প্ৰকাশ কৰা মনোভাৱে স্বাভাৱিকতে দলটোৰ ওপৰত যে কেন্দ্ৰৰ আস্থা ক্ৰমাৎ হেৰাই আহিছে সেয়াই প্ৰকট কৰিছে বুলি চৰ্চা চলিছে।

নতুন দিল্লীত জীতেন্দ্ৰ সিংৰ সৈতে হোৱা বৈঠকৰ পিছতে ভূপেন বৰাই কয় –  ‘আমাক যি টার্গেট দিয়া হৈছে আৰু সেই বিষয়ে মূলতঃ আলোচনা হৈছে। অসমৰ ৰাজনীতিৰ সৈতে জড়িত যিকোনো বিষয়ত প্রদেশ কংগ্ৰেছে সর্বসন্মতভাৱে যি সিদ্ধান্ত গ্রহণ কৰিব তাক সদায় এ আই চি চিয়ে সন্মান জনাব বুলি আগৰে পৰা কৈ আহিছে আৰু আজিও সেই কথাকে স্পষ্ট কৰি দিছে। এইক্ষেত্ৰত এ আই চি চিৰ একমাত্ৰ চৰ্তটো হৈছে যে প্রদেশ কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকে যাতে ঐকমত্যত সিদ্ধান্ত গ্রহণ কৰে।”

জানিব পৰামতে এই বৈঠকত দলীয় অনুশাসন তথা নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখি দলক অধিক শক্তিশালী কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তিনিওগৰাকী নেতাকে নির্দেশ দিয়া হৈছে। কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা সফলতাৰ পিচতে লোকসভা নিৰ্বাচনৰ কাৰণে দলে আৰম্ভ কৰা প্ৰস্তুতিৰ অংশ হিচাপে অসম প্রদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে আজি এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিবিৰোধী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ বিষয়টো চকু দি এইক্ষেত্ৰত সাংগঠনিক ভেটি শক্তিশালী হোৱা এনে দল বাছনি কৰাৰ বাবেও প্রদেশ কংগ্ৰেছৰ নেতৃত্বক দায়িত্ব দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply