নিউজ ডেস্ক: শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিভিন্ন স্থানত আৰম্ভ কৰা উচ্ছেদ অভিযানৰ পাছত উচ্ছেদিত ৰাইজৰ আশ্ৰয়ৰ সন্দৰ্ভত কোনো সঠিক তথ্য নাই ৰাজ্য চৰকাৰ ওচৰত । ৰাজ্য চৰকাৰৰ এই তথ্যবিহীন কাণ্ডৰ বাবে ক্ষুন্ন হৈ পৰিছে উচ্ছ ন্যায়লয় ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা এটা গোচৰত ৰাজ্য চৰকাৰে বিভিন্ন স্থানত উচ্ছেদ চলোৱাৰ পাছত পুনৰ সংস্থাপন নিদিয়ালৈকে উচ্ছেদিতসকলক আশ্রয় দিবৰ বাবে নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰক। কিন্ত বৰ্তমানেও চৰকাৰে ৰাজ্যৰ ২৩খন জিলাত এটাও আশ্রয় শিবিৰৰ ব্যৱস্থা কৰা নাই ৷ আনহাতে অন্য ৮খন জিলাত আশ্ৰয় শিবিৰ আছে নে নাই সেই তথ্যই নাই চৰকাৰৰ হাতত।

চৰকাৰৰ হাতত সম্প্ৰতি বাক্‌সা, ডিমা হাছাও, মাজুলী, নগাঁও, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তথ্য নাই। এই কথাতে ক্ষুণ্ণ হৈ পৰা ন্যায়ালয়ে সেই জিলাকেইখনৰ তথ্য প্ৰদান কৰিবলৈ চৰকাৰক ৮ সপ্তাহৰ সময়সীমা বান্ধি দিয়ে ।

উল্লেখ্য যে বুঢ়াচাপৰিত উচ্ছেদ চলোৱাৰ পাছত ডবকাৰ এটা আশ্রয় শিবিৰত সৃষ্টি হোৱা অবর্ণনীয় পৰিৱেশৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে এই সন্দৰ্ভত ন্যায়ালয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছিল।

আনহাতে ন্যায়ালয়ে গোচৰটোৰ এমিকাছ কিউৰিৰূপে নিযুক্তি দিছে জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰক। তেওঁক প্ৰতিখন জিলালৈ গৈ এই সন্দৰ্ভত সঠিক তথ্য সংগ্রহ কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে তেওঁক প্ৰতিখন জিলা প্রশাসনেই এই তথ্য সংগ্ৰহৰ সময়ত সহযোগ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply