নিউজ ডেস্ক: বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন চিকিৎসা সেৱা ভৱনত নতুনকৈ সংলগ্ন হ’ল ‘হাই ফিডেলিটী ছিমুলেচন স্কিল লেব আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত লগতে অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য, USAID India ৰ (স্বাস্থ্য) উপ সঞ্চালক ডাঃ ৰুবেন স্বামীক্কান, Jhpeigo ৰ দেশীয় সঞ্চালক ডঃ সৌমেশ কুমাৰ , গডৰেজৰ প্ৰৱন্ধক সন্দেশ বাড়োৱাঙ্কৰ, নুমলীগড় ৰিফ্ৰেইনেৰী লিমিটেডৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰবন্ধক নিকোঞ্জ বৰঠাকুৰৰ লগতে জিএমচিএইচৰ অধ্যাপক চিকিৎসক আৰু শিক্ষাৰ্থী সকল উপস্থিত থাকে ৷

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সাহায্য প্রদানকাৰী সংস্থা USAID RISE প্ৰকল্পৰ আৰ্থিক সহযোগিতাৰে নিৰ্মাণ কৰা হৈছে এই ‘হাই ফিডেলিটী ছিমুলেচন স্কিল লেব’টো ৷ ইয়াত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী, অধ্যাপক চিকিৎসক, নাৰ্ছ আৰু অন্যান্য সেৱাত কৰ্মৰত স্বাস্থ্যকর্মীসকলে শিক্ষণ আৰু প্ৰশিক্ষণ গ্ৰহণেৰে অভিজ্ঞতা আহৰণ কৰিব পাৰিব। এই অত্যাধুনিক স্কিল লেবটো ৰোগীৰ পৰিচৰ্যা, চিকিৎসা আৰু ব্যৱস্থাপনাৰ প্ৰায়োগিক ক্ষেত্ৰত অধ্যয়ন কৰিব পাৰিব ৷

উদ্বোধনী ভাষণত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাগত দিনত আৰু গঠনমূলক কাম-কাজ কৰি যাব ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ স্বাস্থ্যখণ্ডতো বিভিন্ন কাম-কাজ কৰি যাব । তাৰ বাবে লাগিব চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ সহযোগিতা। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা অধ্যাপক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে চিকিৎসা শাস্ত্ৰৰ শৈক্ষিক দিশত অতি গুৰুত্ব দিছে।
