নিউজ ডেস্ক: কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজি এক ৰায়দানৰ জৰিয়তে ৰাজ্যখনৰ শিক্ষানুষ্ঠানত হিজাব পৰিধানৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই দাখিল কৰা সকলো আৱেদন খাৰিজ কৰে।

সংক্ষিপ্ত ৰূপত হিজাব সম্পৰ্কে কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়দান –

১. মুছলমান ছাত্ৰীয়ে শ্ৰেণী কক্ষত হিজাব পৰিধান কৰাৰ অনুমতি বিচাৰি কৰা আৱেদন খাৰিজ।

২. ন্যায়ালয়ৰ মতে মুছলমান নাৰীয়ে হিজাব পৰিধান কৰাটো ইছলাম ধৰ্মৰ অপৰিহাৰ্য্য ধৰ্মীয় প্ৰথা নহয়।

৩. ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা প্ৰতিষ্ঠানে নিৰ্ধাৰণ কৰি দিয়া ইউনিফৰ্মৰ বিৰোধিতা কৰিব নোৱাৰিব।

৪. চৰকাৰৰ ওচৰত চৰকাৰী নিৰ্দেশ গৃহীত কৰাৰ ক্ষমতা আছে।

৫. প্ৰতিষ্ঠানিক অনুশাসন ব্যক্তিগত ইচ্ছা-অনিচ্ছাৰ ঊৰ্ধ্বত। আদালতৰ এই ৰায়দান সংবিধানৰ অনুচ্ছেদ ২৫ৰ পৰিপন্থী হিচাপে বিবেচিত হৈছে।

লগতে পঢ়ক – মুখ্য মন্ত্ৰীসহ মন্ত্ৰী-বিধায়কৰ দলে আজি উপভোগ কৰিব দ্যা কাশ্মীৰ ফাইলছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply