নিউজ ডেস্ক- কালি নগাঁৱৰ পুৰণিগুদামত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমীয়া মানুহক খেতি কৰাৰ আহ্বান জনাই এইক্ষেত্ৰত মিঞাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ ড° হিমন্ত বিশ্ব শৰ্মাই মৰামৰ্শ আগবঢ়ায়।

তেওঁ কয় যে, “বহু ঠাইত ধাননি পথাৰত এতিয়াও অসমীয়া মানুহে হাল বোৱা নাই। এতিয়া বৰষুণ দিছে। গতিকে হাল বাব লাগে। ট্ৰেক্টৰ পাৱাৰটিলাৰ যিহেৰে নহওক, অসমীয়া মানুহে হাল বাব লাগে।”

জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্রসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “এনেধৰণৰ আইন এখন অনাটো ইমান সৰলৰেখা নহয়। আইনখন নামানিলে চৰকাৰে কেনেকৈ লাখ লাখ মানুহক গ্ৰেপ্তাৰ কৰিব? পেটত কেঁচুৱা থাকিলে জনসংখ্যা আইন নমনা বুলি মহিলাসকলক কেনেকৈ জেলত ৰাখিব? এই বিষয়ে যিসকলে চিন্তা কৰিব লাগে, তেওঁলোকে চিন্তা-চৰ্চা কৰি আছে। অৱশ্যে জনসংখ্যা আইন নমনা মানুহক চৰকাৰে বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰিব পাৰিব।”  

মুখ্যমন্ত্রীয়ে ইউনিফর্ম চিভিল কোড (ইউচিচি) সম্পর্কত কয় যে, “মই অতি সোনকালে ইউচিচি বলৱৎ হোৱাটো বিচাৰে। অৱশ্যে একে সময়তে অসম চৰকাৰে বহুবিবাহ বন্ধৰ বাবে আইন প্রণয়নৰ কাম কৰি আছে। ইউচিচি সোনকালে বলৱৎ হ’লে ভালেই। কিন্তু ইউচিচি বলৱৎ হোৱাত বিলম্ব হ’লে অসম চৰকাৰে বহুবিবাহ বন্ধৰ আইনৰ জৰিয়তে সেয়া কাৰ্যকৰী কৰিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply