নিউজ ডেস্ক : কমনৱেলথ গেমছলৈ মাজত মাত্ৰ কেইটামান দিন। কমনৱেলথ গেমছ অনুষ্ঠিতৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। ২৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়াক মনৱেলথ গেমছৰ সামৰণি পৰিব ৮ আগষ্টত। কমনৱেলথ গেমছ কিমান পুৰণি এই সম্পৰ্কে জানো আহক।

কমনৱেলথ গেমছৰ ইতিহাস ৯২ বছৰ পুৰণি। ১৯৩০ চনত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ আয়োজন কৰা হৈছিল। ইয়াৰ পিছতে কিন্ত কমনৱেলথ গেমছ সমূহ ‘ব্ৰিটিছ এম্পায়াৰ গেমছ’ৰ নামেৰে আয়োজন কৰা হৈছিল। ১৯৫০ চনলৈ কমনৱেলথ গেমছ ‘ব্ৰিটিছ এম্পায়াৰ গেমছ’ৰ নামেৰে আয়োজন কৰা হৈছিল।

অৱশ্যে ১৯৫৪ চনৰ পৰা কমনৱেলথ গেমছ সমূহক ‘ব্ৰিটিছ সাম্ৰাজ্য’ আৰু কমনৱেলথ গেমছ বুলি কোৱা হৈছিল, যি ১৯৬৬ চনলৈকে চলিছিল। ইয়াৰ পিছত ১৯৭০ আৰু ১৯৭৪ চনত কমনৱেলথ গেমছ সমূহ ব্ৰিটিছ কমনৱেলথ গেমছ বুলি কোৱা হয়। ১৯৭৮ চনৰ পৰা পুনৰ কমনৱেলথ গেমছ নামেৰে নামাকৰণ কৰা হয়, যিটো এতিয়ালৈকে চলি আছে।

কমনৱেলথ গেমছ সমূহ আৰম্ভ কৰাৰ কৃতিত্ব কানাডাৰ এজন ব্যক্তি ববি ৰবিনছনক দিয়া হয়।ববি ৰবিনছন এজন ক্ৰীড়া সাংবাদিক আৰু এথলেটিকছৰ প্ৰশিক্ষকও আছিল। তেওঁৰ প্ৰচেষ্টাতেই কমনৱেলথ গেমছ সমূহ আয়োজন কৰাৰ ভেটি স্থাপন হৈছিল। এতিয়া আহোঁ ইয়াৰ ইতিহাসলৈ ১৯৩০ চনৰ ১৬ আগষ্টত কানাডাৰ হেমিল্টনত অনুষ্ঠিত হৈছিল ব্ৰিটিছ এম্পায়াৰ গেমছ। ইয়াত ৮ টা খেলৰ মুঠ ৫৯ টা ইভেণ্ট অন্তৰ্ভুক্ত কৰা হৈছিল।

বিশেষ কথাটো আছিল এই সকলোবোৰ ইভেণ্ট একক মেচ আছিল অৰ্থাৎ ইয়াত কোনো দলীয় ইভেণ্ট জড়িত নাছিল। এই প্ৰথম ব্ৰিটিছ এম্পায়াৰ গেমছত ১১ খন দেশৰ মুঠ ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। হেমিল্টনৰ এখন চিভিক ষ্টেডিয়ামৰ ওচৰত অৱস্থিত প্ৰিন্স অৱ ৱেলছ স্কুলখনক অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈসকলক থাকিবলৈ আৰু অনুশীলন কৰিবলৈ দিয়া হৈছিল।

প্ৰতিযোগিতাখনত অষ্ট্ৰেলিয়া, বাৰ্মুডা, ব্ৰিটিছ গিয়ানা, কানাডা, ইংলেণ্ড, উত্তৰ আয়াৰলেণ্ড, নিউফাউণ্ড লেণ্ড, নিউজিলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেলছ আদিয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত এথলেটিকছ, বক্সিং, ল’ন বল, নাও চলোৱা, সাঁতোৰ, ডাইভিং, মল্লযুঁজ আৰু দৌৰ প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছিল। সেই সময়ছোৱাত সমগ্ৰ অনুষ্ঠানটোৰ বাবে মুঠ ৯৭,৯৭৩ ডলাৰ অৰ্থাৎ ৭৮ লাখ টকা ব্যয় কৰা হৈছিল।

লগতে পঢ়ক –  মাছখোৱাত গুৱাহাটী চিটী এফচিৰ চতুৰ্থখন ফুটবল স্কুল

প্ৰথম ব্ৰিটিছ এম্পায়াৰ গেমছত মুঠ ১৬৫ টা পদক আছিল, য’ত ইংলেণ্ডে ২৫ টা সোণকে ধৰি মুঠ ৬১ টা পদক লাভ কৰাৰ বিপৰীতে আয়োজক কানাডাই ২০ টা সোণৰ সৈতে মুঠ ৫৪ টা পদক লাভ কৰিছিল। ইয়াত অষ্ট্ৰেলিয়াই তৃতীয় স্থান দখল কৰিছিল। অষ্ট্ৰেলিয়াই ৩ টা সোণৰ সৈতে ৮ টা পদক লাভ কৰি তৃতীয় স্থানত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply