নিউজ ডেস্কঃ আজিৰ পৰা উৰিষ্যত আৰম্ভ হৈছে ২০২৩ বৰ্ষৰ পুৰুষৰ হকী বিশ্বকাপ। ২০১৮ চনৰ পিছত এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে হকী বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে।
উৰিষ্যাৰ ৰাউৰকেলাৰ বিৰচা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়াম আৰু ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত বিশ্বকাপৰ আটাইকেইখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এইবাৰ হকী বিশ্বকাপত ভাৰতকে ধৰি মুঠ ১৬ খন দেশে অংশগ্ৰহণ কৰিছে আৰু সকলোবোৰ দেশকে চাৰিটা পুলত সমভাৱে ভাগ কৰি দিয়া হৈছে।
পুল এ: আৰ্জেণ্টিনা, ফ্ৰান্স, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা
পুল বি: জাৰ্মানী, বেলজিয়াম, কোৰিয়া, জাপান
পুল চি: চিলি, মালয়েছিয়া, নিউজিলেণ্ড, নেডাৰলেণ্ড
পুল ডি: ভাৰত, ইংলেণ্ড, ৱেলছ, স্পেইন
প্ৰতিযোগিতাসমূহ ভাৰতৰ সময়ৰ অনুসৰি প্ৰথমে লীগ টেবুলৰ শীৰ্ষ স্থানৰ বাবে প্ৰতিদিনে চাৰিখনকৈ খেল দিনৰ ১ বজাত, আবেলি ৩ বজাত, সন্ধিয়া ৫ বজাত আৰু সন্ধিয়া ৭ বজাত অনুষ্ঠিত কৰা হ’ব। অনলাইনত ডিজনী+হটষ্টাৰত আৰু টিভিত ষ্টাৰ স্পৰ্টছত খেল উপভোগ কৰিব পৰা যাব। ২৭ জানুৱাৰীত ছেমী ফাইনেল দুখন আৰু ২৯ জানুৱাৰীত ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
এইবাৰ ভাৰতৰ হৈ মুখ্য প্ৰশিক্ষকক গ্ৰাহাম ৰিড পি নেতৃত্বাধীন খেলুৱৈ আৰ শ্ৰীজেশ, কৃষ্ণ পাঠক, অৰমানপ্ৰীত সিং, সুৰেন্দ্ৰ কুমাৰ, হৰমনপ্ৰীত সিং (কেপ্টেইন), বৰুণ কুমাৰ, অমিত ৰোহিদাস, নীলম চাঞ্জিপ জেছ, মনপ্ৰীত সিং, হাৰ্দিক সিং, নীলাকান্ত শৰ, শমছেৰ সিং, বিবেক সাগৰ প্ৰসাদ, আকাশদীপ সিং, মনদীপ সিং, ললিত কুমাৰ উপাধ্যায়, সুখজিৎ সিং, সুখজিৎ সিং আৰু সুখজিৎ সিঙে হকী বিশ্বকাপৰ ট্ৰফীৰ বাবে যুঁজ দিব।
উল্লেখযোগ্য যে, ২০২০ টকিঅ অলম্পিকত হোৱা ভাৰতৰ হকী দলে ৪১ বছৰৰ পিছত মেডেল পাবলৈ সক্ষম হয় আৰু ৪৮ বছৰ ধৰি ভাৰতে হকী বিশ্বকাপত ছেমী ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰা দলটোৰ এইবাৰৰ প্ৰদৰ্শন লক্ষণীয় হ’ব । হকী অনুৰাগী সকলৰ আকাংশা দলটোৰ প্ৰতি টকিঅ বিশ্বকাপৰ পৰাই সকলো চিন্তাধাৰা ধনাত্মক ৰূপলৈ পৰিণত হোৱা দেখা গৈছে।
আজি সন্ধিয়া ৭ বজাত ভাৰতৰ হকী দলে স্পেইনৰ সন্মুখত প্ৰথমখন ২০২৩ বৰ্ষৰ বিশ্বকাপ খেলৰ যুঁজত নামিব। যাৰ বাবে শচীন তেণ্ডুলকাৰ, শ্বাহৰুখ খান কে ধৰি বিভিন্ন তাৰকাই সামাজিক মাধ্যমত শুভেচ্ছা দিয়া দেখা গৈছে।
লগতে পঢ়ক – ধেমাজিত ‘আত্মনিৰ্ভৰ জীৱিকা মেলা’