নিউজ ডেস্ক- মণিপুৰত শান্তি পুনৰ্স্থাপনৰ বাবে লোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, মেইটেই আৰু কুকি সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কেইবালানিও বৈঠকত মিলিত হয়। দেওবাৰে নতুন দিল্লীত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, তেওঁৰ কেবিনেটৰ চাৰিগৰাকী সহকৰ্মী আৰু ৰাজ্যসভাৰ সাংসদৰ সৈতে এক বৈঠকত মিলিত হয়। পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে দেওবাৰে মেইটেই সম্প্ৰদায়ৰ প্ৰতিনিধিসকলকো সাক্ষাৎ কৰে। কালি  অমৃত শ্বাহে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু মিজোৰামৰ চিএছঅ’ৰ এটা গোটৰ সৈতেও এক বৈঠকত মিলিত হয়।

বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মণিপুৰত শান্তি পুনৰ্স্থাপনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে য’ত দুটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে হিংসাত্মক কাৰ্যকলাপত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে স্থায়ী শান্তি সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আৰু সহায়ৰ আশ্বাস প্ৰদান কৰে।

চৰকাৰে ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সকলো পক্ষৰ সৈতে আলোচনা আৰু শান্তিৰ বাৰ্তা প্ৰচাৰৰ আহ্বান জনায় আৰু ন্যায় প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে। জনসাধাৰণৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ অমিত শ্বাহে সাহায্য আৰু পুনৰ্সংস্থাপনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply