নিউজ ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে অসম আৰু অৰুণাচল ভ্ৰমণৰ বাবে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডিব্ৰুগড় উপস্থিত হয়। ডিব্ৰুগড় উপস্থিত হৈ গৃহমন্ত্ৰী গৰাকীয়ে অৰুণাচললৈ পোনে পোনে ৰাওনা হয়।
অৰুণাচলৰ ভ্ৰমণ সম্পূৰ্ণ কৰি গৃহমন্ত্ৰী গৰাকী আজি দুপৰীয়া ১২ বাজি ৩৫ মিনিটত ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উপস্থিত হ’বহি।
জানিব পৰা অনুসৰি, বিমান বন্দৰ পৰা পোনে পোনে ডিব্ৰুগড় জীৱন ফুকন নগৰত উজনি অসমৰ বিজেপি আঞ্চলিক কাৰ্যালয়ৰ স্থাপনৰ বাবে ভূমি পুজনত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে। পঞ্চতাৰকা সদৃশ নিৰ্মাণ কৰিব লগীয়া বিজেপি আঞ্চলিক কাৰ্যালয়ৰ ভূমি পুজনত কেইবাজনো বিজেপিৰ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
ভূমি পুজন শেষ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মানকটা খেল পথাৰত এক বিশাল জন সভাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।
স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে জানিবলৈ দিয়া অনুসৰি, প্ৰায় ৪০০০০ লোকে বিশাল জনসবাত অংশ গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে, জনসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা, ৰঞ্জিত দাস, অজন্তা নেওগ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বহুতো দলীয় বিষয়ববীয়া উপস্থিত থাকিব।
লগতে পঢ়ক – ডিব্ৰুগড় পথ দুৰ্ঘটনাত মৃত্যু ৩ গৰাকী মহিলা, উতপ্ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে আৰক্ষীয়ে বাহন