নিউজ ডেস্কঃ জাতিগত সংঘাতক সমাধান কৰাৰ উদ্দেশ্যেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ যাব। ১ জুনলৈকে মণিপুৰত থাকিব লগীয়া গৃহমন্ত্ৰীয়ে কুকি-মেইটেইৰ সামূহিক সংগঠনসমূহৰ সৈতে সাক্ষাৎ কৰিব। আৰু মণিপুৰত হৈ থকা জাতিগত হিংসাৰ বিষয়ে বুজ ল’ব।
ইতিমধ্যে ৰাজ্যখনত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় আৰু সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে ক্ৰমান্বয়ে বৃহস্পতিবাৰে আৰু শনিবাৰে অশান্ত মণিপুৰক শান্ত কৰিবলৈ উপস্থিত হৈছে।
উল্লেখ্য যে, দেওবাৰে মণিপুৰ আৰক্ষীয়ে আৰু সেনাই অভিযান চলাই ৪০ জনকৈ বিদ্ৰোহীসকলক হত্যা কৰা হয়। দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত চাৰিজন সাধাৰণ লোক আৰু দুজনকৈ কমাণ্ডোও নিহত হয়। চেকমাই, ছুগনু, কুম্বী, ফায়েং ছেৰৌ আদিত চলোৱা এই অভিযানৰ সময়ত এক যুদ্ধসদৃশ পৰিৱেশ হৈ পৰে।
শেহতীয়া ভাৱে, মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সংবাদ সংস্থা এএনআইয়ে জনোৱা অনুসৰি, দেওবাৰলৈকে আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া অভিযানত ৪০ জন বিদ্ৰোহী উগ্ৰপন্থী নিহত হৈছিল। বিদ্ৰোহীসকলে সাধাৰণ লোকৰ বিৰুদ্ধে এম-১৬ আৰু একে-৪৭ এছল্ট ৰাইফল আৰু স্নাইপাৰ বন্দুক ব্যৱহাৰ কৰি আছে। তেওঁলোকে বিভিন্ন গাঁৱলৈ গৈছিল আৰু ঘৰবোৰ জ্বলাই দিছিল। যাৰ বাবে সেনা আৰু বিভিন্ন নিৰাপত্তা বাহিনীৰ সহযোগত আমি অতি কঠোৰ অভিযান আৰম্ভ কৰিছো বুলি কয়।
লগতে পঢ়ক – বৰষুণৰ বিধি পথালি, আজি অনুষ্ঠিত হ’ব আই পি এল-২৩ ৰ ফাইনেল মেচখন