নিউজ ডেস্ক: এটাৰ পিছত আন এটাকৈ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে অসমীয়া ছবি “মেড ইন নলবাৰী”য়ে। দেওবাৰে দিল্লীৰ নয়ডাত অনুষ্ঠিত হোৱা ১৩ সংখ্যক দাদা চাহেব ফিল্ম ফেষ্টিভেলত জিলিকিল উঠিল অসমীয়া ছবি “মেড ইন নলবাৰী”। তনুজ নাথৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে সন্মানীয় জুৰী মেনচন (Honorable Jury Mention) বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে ছবিখনে ৭তম ভাৰতীয় বিশ্ব চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ (জুৰী) বঁটা, গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ খিতাপ পোৱাৰ লগতে গোল্ডেন ফাৰ্ণ চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছে।

ঝুলন কৃষ্ণ মহন্তৰ কাহিনীৰে নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে উমেশ নাথে। ছবিখনত জনপ্ৰিয় অভিনেতা অৰুণ নাথ, বিভূতি ভূষণ হাজৰিকা আৰু জিণ্টু কুমাক কাশ্যপে মুখ্য চৰিত্ৰ অভিনয় কৰিছে। তাৰ সমান্তৰাল কৈ স্বাগতা ভৰালী, ডলি কলিতা আৰু নৰ্মদা দাসে ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যায়।

মাজুলীৰ পৰা যাত্ৰা আৰম্ভ হোৱা ছবিখনৰ কাহিনী নলবাৰীত গৈ শেষ হয়। টেক্সীত আৰম্ভ হোৱা ছবিখনৰ যাত্ৰাত তিনিজন মানুহৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ সময়ৰ ঘটনাক দেখুওৱা হৈছে।

YouTube video

উল্লেখযোগ্য যে, ছবিখনৰ পৰিচালক তনুজ নাথ এগৰাকী ছবি নিৰ্মাতা হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ এজন সহকাৰী অধ্যাপক।

লগতে পঢ়ক – ভিডিঅ’ জৰিয়তে ক্ষমা খুজিলে ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰে, ভিডিঅ’ জৰিয়তে ক্ষমা কৰা নহ’ব- AJYCP

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply