নিউজ ডেস্ক: মাজুলীৰ বৰগুৰি চাৰি আলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । অতিৰিক্ত উপায়ুক্তৰ বাহনে মহতিয়ালে দুজন ছাত্ৰক। বাহনখন উপায়ুক্তৰ লগত গৰমুৰলৈ আহি থকা অবস্থাত সংঘটিত এই ঘটনা ।
দুৰ্ঘটনাত থিতাতে নিহত হয় সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ। ছাত্ৰজনৰ নাম অয়নজ্যোতি বণিয়া বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰ ভাৱে আহত হৈছে মলয় নাথ নামৰ দশম মান শ্ৰেণীৰ ছাত্ৰজন। আহত ছাত্রজনক গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে বৰ গুৰী ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন ।
দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । ৰাইজৈ ঘেৰাও কৰি ৰাখিছে দুৰ্ঘটনা সংঘটিত কৰা বাহন আৰু আৰক্ষীৰ লোকসকলক। বাহন খনৰ পৰা উদ্ধাৰ হৈছে সুৰা ৰ বটল।
ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত চিআৰপিএফ বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে।