গুৱাহাটী : মীন খণ্ডৰ সর্বাংগীন উন্নয়ন ত্বৰাম্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিশেষ কে চি চি ঋণৰ ব্যৱস্থা কৰিছে। মীন খণ্ডত চলি থকা বিশেষ কে চি চি ঋণৰ সুবিধা কেনেকৈ লাভ কৰিব? মীন খণ্ডৰ কে চি চি ঋণৰ আবেদনৰ বাবে প্ৰয়োজন হয় কিছুমান বিশেষ নথি পত্ৰৰ।
বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মীন পাম/পুখুৰী আদি পনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কে চি চি ঋণৰ সুবিধা ল’ব পাৰি। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত নহ’লেও মাছ পালন, মাছৰ ব্যৱসায় আদিৰ বাবেও এই ঋণৰ সুবিধা ল’ব পাৰি। ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিসপ্তাত কমেও এটাকৈ এই ঋণৰ শিবিৰ অনুষ্ঠিত হৈ আছে।
ইচ্ছুক সকলে এই শিবিৰত উপস্থিত থকা মীন বিভাগ আৰু বেংক বিষয়াৰ লগত যোগাযোগ কৰি এই ঋণৰ বাবে আবেদন কৰিব পাৰে। এই ঋণৰ ক্ষেত্ৰত বেংকৰ নিৰ্ধাৰিত সুদৰ ওপৰত ভাৰতত চৰকাৰৰ পৰা ২ শতাংশ ৰেহাইৰ ব্যৱস্থা আছে। নিৰ্ধাৰিত সময়ত ঋণ ঘূৰাই দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩ শতাংশ সুদ ৰেহাইৰ ব্যৱস্থাও ৰাখিছে।
সদ্য প্ৰচলিত হিচাবত শতকৰা বছৰি মাত্ৰ ৪ শতাংশ সুদত এই ঋণ লাভ কৰিব পাৰি। এই ঋণৰ বাবে বেংকৰ তৰফৰ পৰা বিভিন্ন পৰিচালন খৰচ ৰেহাই দিয়াৰো ব্যৱস্থা আছে। সৰ্বাধিক ১ লাখ ৬০ হাজাৰ টকা পৰ্যন্ত এই ঋণ লোকে ক্ষেত্ৰত বন্ধকী লোৱাৰ ব্যৱস্থা নাই। এই ঋণৰ আবেদনৰ বাবে কিছুমান প্ৰয়োজনীয় নথি-পত্ৰত প্ৰয়োজন।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৪ জিলাৰ ২৯ খন গাঁও জলমগ্ন
এই ঋণৰ বাবে প্ৰয়োজন হোৱা নথি-পত্ৰ সমূহ তলত দিয়া ধৰণৰ :
১) আবেদনকাৰীৰ দুই কপি শেহতীয়া পাছপোৰ্ট ফটো।
২) ফটোযুক্ত পৰিচয় তথা স্থায়ী ঠিকনা সম্বলিত তথ্য যেনে – ভোটাৰ আই ডি কাৰ্ড, আধাৰ কৰ্ড অথবা ড্ৰাইভিং লাইচেঞ্চৰ ফটোষ্টেট।
৩) মাটিৰ মালিকানা সম্বন্ধীয় নথি যেনে – জমাবন্দী, চিঠাৰ নকল, লেণ্ড হোল্ডিং চাৰ্টিফিকেট, বেংকৰ সন্মতি সাপেক্ষে অন্য বিধি সন্মত নথি-পত্ৰ।
৪) বেংকৰ জমা বহীৰ প্ৰথম পৃষ্ঠাৰ ফটোষ্টেট।
৫) পান কাৰ্ডৰ ফটোষ্টেট কপি।
৬) বিষয় সাপেক্ষে অতিৰিক্ত নথি।