গুৱাহাটী : দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অহা ২৪ জুলাই ২০২২ ত সম্পূৰ্ণ হ’ব। অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু ২১ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব। ইতিমধ্যে শাসকীয় বিজেপি দলে আৰু বিৰোধীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

বিজেপিয়ে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰোধীৰ যৌথ প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব ইয়াৰ উত্তৰ অহা ২১ জুলাইত পোৱা যাব। কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কোনো ভোটদান কৰিব, কেনেকৈ নিৰ্বাচন কৰা হয় দেশৰ ৰাষ্ট্ৰপতি গৰাকীক এই সম্পৰ্কে জানো আহক।

ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰক্ৰিয়াটো এক জটিল প্ৰক্ৰিয়া। ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা, ৰাজ্যসভা আৰু দেশৰ বিধানসভাৰ সদস্য সকলে ভোটদান কৰে। লোকসভাৰ ৫৪৩ গৰাকী, ৰাজ্যসভাৰ ২৩৩ গৰাকী আৰু বিধানসভাৰ ৪১২০ গৰাকী সদস্যই ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰে। মুঠ ৪৮৯৬ গৰাকীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ পছন্দ চিহ্নিত কৰি ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে।

বেলট পেপাৰত পচন্দৰ কোনো চিহ্ন নথকাৰ উজুহাত ভোট বাতিল কৰা অথবা ভোটদান কৰা সদস্য সকল ভোট দানৰ পৰা বিৰত থাকিব নোৱাৰে। লোকসভা, ৰাজ্যসভা আৰু বিধানসভাৰ নিৰ্বাচিত সদস্য সকলৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। নিৰ্বাচন আইন ১৯৫২ অনুসৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিত্তিত ইতিমধ্যে ভাৰতত ১৪ জন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। ২১ জুলাই ২০২২ ত দেশৰ ১৫ নম্বৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব।

লগতে পঢ়ক –  মহানগৰীৰ পানীখাইতিত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন এজন যুৱক

দেশৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকী ভাৰতীয় নাগৰিক হ’ব লাগিব। প্ৰাৰ্থী গৰাকীৰ বয়স ৩৫ বছৰৰ ওপৰত হ’ব লাগিব। প্ৰাৰ্থী গৰাকী কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ কোনো লাভজনক পদত থাকিব নোৱাৰে। প্ৰাৰ্থী গৰাকীয়ে দাখিল কৰা মনোনয়ন পত্ৰত কমেও ৫০ গৰাকী নিৰ্বাচকে প্ৰস্তাৱ দিব লাগিব আৰু কমেও ৫০ গৰাকী নিৰ্বাচকে সমৰ্থন কৰিব লাগিব। এগৰাকী নিৰ্বাচকে এটা প্ৰস্তাৱক বা সমৰ্থক হিচাপে স্বাক্ষৰ কৰিব পাৰে। এটাকৈ বেছি প্ৰস্তাৱক বা সমৰ্থক হিচাপে নিৰ্বাচক এজনে মনোনয়নত স্বাক্ষৰ কৰিলে প্ৰথম খন মনোনয়নক বাদ দি বাকীবোৰ কাৰ্যকৰী কৰা নহয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply