গুৱাহাটী- প্ৰখৰ ৰ’দ আৰু অধিক গৰমৰ বাবে আমাৰ দেহৰ ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। বহুসময়ত আপুনি কেতিয়াবা দুপৰীয়া কিছু সময় ৰ’দত ওলায় যোৱা হয় তেতিয়া ছালত জ্বলনৰ সমস্যা হোৱা দেখা দিয়ে। ৰ’দত ছাল পোৰাৰ বাবে বিষ, খজুৱতি আৰু বিভিন্ন ধৰণৰ সমস্যাও দেখিবলৈ পোৱা যায়। কিছুমান ঘৰুৱা উপায়েৰেও আপোনাৰ এই সমস্যাসমূহ দূৰ কৰিব পাৰি। জানো আহক-

ছালকুঁৱৰী বা এলোভেৰা জেলৰ প্ৰয়োগ-

ঘৰুৱা ছালকুঁৱৰীয়ে আপোনাৰ ছালখন ছালখনক সুস্থ কৰি ৰাখে। ৰ’দত ছাল পোৰা, টেনিঙৰ সমস্যা ইত্যাদি আঁতৰাবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰে। ই ছালখনক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে আৰু ক্ষতিগ্ৰস্ত ছালখনক সুস্থ কৰে। যদি ছাল ৰ’দত পোৰা হয়,  তেন্তে সতেজ এলোভেৰা জেল উলিয়াই তাত কেইটোপালমান আৱশ্যকীয় নাৰিকল তেল দিব। তাৰপৰা দুয়োটা মিহলাই ছালত লগাব।

নেমু আৰু মৌজুলৰ ব্যৱহাৰ-

আপোনাৰ ছালখন যদি ৰ’দত পোৰা হয় তেন্তে নেমু আৰু মৌ একেলগে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এটা বাটিত এচামুচ মৌ লৈ তাত কেইটোপালমান নেমু দিব তাৰপৰা ভালদৰে দুয়োটা মিহলাই পেষ্ট বনাওক। এই পেষ্টে ছালত দহ মিনিটৰ বাবে লগাই ধুই দিব। ইয়াৰ ব্যৱহাৰে আপোনাৰ ছালৰ উজ্জ্বলতা ঘূৰি আহিব আৰু মুখমণ্ডলৰ উজ্বলতা বৃদ্ধি কৰিব।

বিলাহীৰ প্ৰয়োগ-

বিলাহীৰ ব্যৱহাৰে ছালৰ দাগ আঁতৰোৱাত সহায় কৰে। ইয়াত লাইকোপেন আৰু এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে মৃত ছাল আঁতৰোৱাৰ কাম কৰে। ইয়াৰ সহায়ত আপুনি ৰ’দত পোৰা নাইকিয়া কৰিব পাৰে। প্ৰথমে এটা বিলাহীলৈ তাৰ পেষ্ট তৈয়াৰ কৰি ছালত লগাই ১৫ মিনিট ৰাখি মুখখন ধুই দিব। বিলাহীৰ ব্যৱহাৰে আপোনাৰ ছালৰ দাগসমূহ দূৰ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply