গুৱাহাটী- এতিয়া হৈছে আমৰ বতৰ। চাৰিওফালে বজাৰত এতিয়া আমেৰে ভৰি পৰিছে। পিছে বজাৰসমূহত আমৰ চাহিদাৰ লগে লগে একশ্রেণীৰ ব্যৱসায়ীয়ে অধিক লাভ কৰিবৰ বাবে ৰাসায়নিক পদ্ধতিৰে কৃত্রিমভাৱে আম পকায়। এনে আম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়। আম কৃত্রিমভাৱে পকাবলৈ কেলছিয়াম কার্বাইড নামৰ এবিধ ৰাসায়নিক ব্যৱহাৰ কৰা হয়। আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ অথৰ লগে লগে এই ৰাসায়নিকৰ পৰা এচিটিলিন নামৰ এবিধ গেছ নির্গত হয়। ফলত আম সোনকালে পকিবলৈ ধৰে। কিন্তু বজাৰত পোৱা আম প্রাকৃতিকভাৱে পকা নে ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা হৈছে কেনেকৈ চিনি পাব। তলত ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা আম চিনি পোৱাৰ কেইটামান উপায় দিয়া হ’ল-
(১) বজাৰৰ পৰা আপুনি আম কিনাৰ সময়ত সদায় তাৰ বৰণলৈ মন কৰিব। যদি আম ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা হৈছে, তেনেহলে সেই আমবিধ পকাৰ পাছতো তাৰ বৰণ সেউজীয়া হৈয়ে থাকিব।
(২) আমৰ আকৃতিলৈ মন কৰিব, সেয়া প্রাকৃতিকভাৱে পকা নে ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা হৈছে সেয়া বুজিব পৰা যায়। ৰাসায়নিক ব্যৱহাৰেৰে পকোৱা আমৰ আকাৰ সদায় সৰু হয়। তদুপৰি আমৰ গাত বগা বা নীলা বৰণৰ দাগ দেখিলে তাত ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে।
(৩) বজাৰৰ পৰা কিনি অনা আম এবাল্টি পানীত ডুবাই ৰাখক। যদি আমসমূহ পানীৰ তললৈ নামিছে, জানিব এই আম প্রাকৃতিকভাৱে পকা। কিন্তু যদি আমসমূহ ভাঁহি উঠে, তেতিয়া জানিব যে এই আমবিধত ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে।
(৪) বজাৰত আম কিনাৰ সময়ত যিবোৰ আম আঙুলিৰে সাধাৰণভাৱে হেঁচি ধৰিলে ক’ৰবাত নৰম আৰু কৰবাত টান যেন লাগে সেইবিধ আম ৰাসায়নিক ব্যৱহাৰ কৰি পকোৱা হৈছে।