গুৱাহাটী- শিশুৰ ভৱিষ্যৎ মানসিক জীৱন প্ৰভাৱিত কৰি তোলা স্মৃতি হৈছে এক বিশেষ মানসিক ক্ষমতা। আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো এটা সাধাৰণ সমস্যা হৈ পৰিছে। স্মৃতিশক্তি হ্ৰাস ফলত দৈনন্দিন জীৱনত অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হয়। নিজ জ্ঞান-অভিজ্ঞতা আহৰণ আৰু বুদ্ধি-বৃত্তিৰ প্ৰয়োগ কৰি জীৱনৰ বিবিধ সমস্যা সমাধান কৰিবলৈ স্মৃতিশক্তিৰ অতি প্ৰয়োজন। এই স্মৃতি শক্তি কেনেকৈ বৃদ্ধি কৰিব সেইটো এটা সকলোৰে মাজত প্ৰচলিত সমস্যা। স্মৃতিশক্তি কেনেকৈ বঢ়াব পাৰি জানো আহক-  

১/ ডার্ক চকলেট: মানসিক চাপ হ্ৰাস কৰা, অৱসাদ দূৰ কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত ডার্ক চকলেটে বিশেষভাৱে কাম কৰে। নিয়মীয়াকৈ এটুকুৰা ডার্ক চকলেট খোৱাটো স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী হয়। ই আমাৰ স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে।

২/ কোমোৰাৰ বীজ: কোমোৰাৰ বীজত বহু পৰিমাণে ফাইবাৰ আৰু প্রটিন থাকে। কোমোৰাৰ বীজ ওকান অৱস্থাত বা তৰকাৰী আদিত দি খালে যথেষ্ট ভাল ফল পোৱা যায়। কোমোৰাৰ বীজ খাদ্যৰ তালিকাত ৰাখিলে মানসিক চাপৰ পৰা মুক্ত হোৱাৰ লগতে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।

৩/ ব্লু-বেৰি: ব্লু-বেৰিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই ফলত বৃহৎ পৰিমাণৰ ফাইবাৰ আৰু এন্টি অক্সিডেন্ট থাকে। ব্লু-বেৰি নিয়মীয়াকৈ খালে স্মৃতিশক্তি বৃদ্ধিত যথেষ্ট সহায়ক হয়।

৪/ আখৰোট: স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ শুকান ফল নিয়মীয়াকৈ খোৱাটো অত্যন্ত দৰকাৰী। আখৰোট স্মৃতিশক্তি বৃদ্ধিৰ বাবে অতিকৈ ভাল ফল পোৱা যায়।

৫/ কফি: সাধাৰণতে মানুহে ধাৰণা কৰে যে সঘনাই কফি খোৱাটো এটা বদ অভ্যাস। স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ কফি খোৱাটো অতি প্ৰয়োজনীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply