হাউলী : নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাজ্য। নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি নোপোৱাত জলমগ্ন হৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল। মানুহৰ ঘৰ-দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বাঢ়নী পানীৰ তলত। দ্বিতীয়টো বানৰ কবলত পৰা বানাক্ৰান্ত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতি।

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাখনো সৰু-বৰ চহৰ পৰিছে কৃত্ৰিম বানৰ কবলত। গুৱাহাটী মহানগৰীৰ হাতীগাঁও, ৰুক্মিণীগাঁও, অনিল নগৰ আৰু নবীন নগৰবাসী বিগত তিনিদিন ধৰি ককবকাই আছে কৃত্ৰিম বানপানীৰ মাজত। কামৰূপ জিলাৰ ৰঙিয়া নগৰখনো প্লাৱিত কৰিছে কৃত্ৰিম বানপানীয়ে।

ইফালে কৃত্ৰিম বানৰ কবলত পৰি বৰপেটা জিলাৰ হাউলী চহৰৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে। চহৰখনৰ প্ৰায় প্ৰতিটো ৱাৰ্ড এতিয়া কৃত্ৰিম বানপানীৰ তলত। হাউলী চহৰৰ বিদ্যালয়সমূহ কৃত্ৰিম বানপানীত ডুব যোৱাত বিদ্যালয়সমূহৰ পাঠদান বন্ধ কৰি দিয়া হৈছে। ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱথলী আৰু মদনমোহন কীৰ্তনঘৰ কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক –  কৃত্ৰিম বানত ডুব যোৱা মহানগৰীৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ তাণ্ডৱ

বিজ্ঞানসন্মতভাৱে হাউলী চহৰৰ নল সমূহ নিৰ্মাণ নকৰাৰ বাবাই হাউলীবাসী ৰাইজ কৃত্ৰিম বানৰ কবলত পৰি ককবকাই থাকিব লগীয়া হৈছে বুলি ৰাইজে অভিযোগ কৰিছে। এজাক বৰষুণতে হাউলী চহৰ জলমগ্ন হৈ পৰাত হাউলীবাসী ৰাইজ যমৰ যাতনা ভুগিব লাগে বুলিও ক্ষোভ উজাৰে ৰাইজে। ৰাইজে জিলা প্ৰশাসনক চহৰখনৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply