মঙলদৈ, প্ৰবীন বৰুৱা: সোমবাৰে মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘এইবাৰ মেট্ৰিক ক্লাছ পৰীক্ষাৰ দৰে হ’ব। মেট্ৰিক বুলি বেলেগ পৰীক্ষা নহয়। ফেইল–পাছ থাকিব, কিন্তু স্কুলতে হ’ব। বিদ্যালয়ে পৰীক্ষা পাতিব বা যিবিলাক অধিবিদ্যা পৰিষদ আছে তেওঁলোকে কৰিব। দ্বাদশ শ্ৰেণীটো ব’ৰ্ড হ’ব, দশম শ্ৰেণীটো আৰু ব’ৰ্ড নহয়।’’

খুব কম দিনৰ ভিতৰতে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ক একত্ৰ কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
খুব কম দিনৰ ভিতৰতে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ক একত্ৰ কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

এতিয়াৰে পৰা আৰু গুৰুত্ব নাথাকিব মেট্ৰিক পৰীক্ষাৰ (HSLC Exam)। মেট্ৰিক পৰীক্ষা বুলিলে পূৰ্বে যি ধৰণৰ পৰিৱেশ আছিল সেয়া আৰু নাথাকিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতিত (National Education Policy) গুৰুত্ব নাই দশম শ্ৰেণীৰ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

‘‘দশম শ্ৰেণীৰ গুৰুত্ব নাথাকিব নতুন শিক্ষা নীতিত। যাতে ল’ৰা–ছোৱালীয়ে দশম শ্ৰেণীৰ পৰা একাদশ–দ্বাদশ পঢ়িব পাৰে, নতুন এডমিশ্যন ল’ব নালাগে। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিত দশম শ্ৰেণীৰ গুৰুত্ব কমাই দিয়া হৈছে।’’ – ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply