নিউজ ডেস্ক- আজি পল্টনবজাৰ ৰে’লৱে আৰক্ষীয়ে নগদ বৃহৎ পৰিমানৰ ধন জব্দ কৰ্। আৰক্ষীৰ  নিয়মীয়া অভিযানত জব্দ কৰা হয় ধনখিনি।

জানিব পৰা মতে, ডিব্ৰুগড়ৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰে’লযোগে দুগৰাকী লোকে দুটাকৈ বেগত মুঠ ৫৭ লাখ ৫০ হাজাৰ টকা কঢ়িয়াই আনিছিল।

তথ্য অনুসৰি, ব্যক্তি দুয়োজন ক্ৰমে ঋষিকেশ কুমাৰ আৰু তলমিজ আহমেদ খান। তেওঁলোকে টকাখিনি ব্যৱসায় সংক্ৰান্তীয় ধন বুলি দাবী কৰে যদিও কি উদ্দেশ্যৰে আনিছিল সেয়া বৰ্তমানলৈকে জানিব পৰা নাই।

ইতিমধ্যে,  ৰে’ল আৰক্ষীয়ে দুই সৰবৰাহকাৰীক আটক কৰে।  আৰক্ষীয়ে তেওঁলোকৰ সোধাপোচ অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply