মৰিয়নী : মৰিয়নীত আৰক্ষীৰ বৃহৎ সাফল্য। মৰিয়নীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। মৰিয়নীত ৪ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ। এই বৃহৎ পৰিমাণত হেৰ’ইনসহ গ্ৰেপ্তাৰ এজন যুৱক।
মংগলবাৰে নিশা মৰিয়নীৰ শিলিখা চাহ বাগিচাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে। এখন বাহনত তালাচী চলাই আৰক্ষীয়ে ২ টা হেৰইন ভৰ্তি কন্টেনাৰ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
বুধবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে পুনৰ বাহনখনত তালচী চলাই আৰু ৩৬ টা সৰ্বমুঠ ৩৮ টা হে’ৰইন ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – টীয়কৰ ৰাজৈ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰনোজ পেগুৰ
শিলিখা চাহ বাগিচাৰ ১১ নং লাইনৰ পৰা বাহনখনৰ পৰা হেৰ’ইনসহ অজিৎ ওৰাং নামৰ গোলাঘাট উৰিয়ামঘাটৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অজিৎ ওৰাং নামৰ যুৱকজনে হেৰ’ইনখিনি নগালেণ্ডৰ ডিমাপুৰৰ তিতাবৰ মৰিয়নী হৈ তিনিচুকীয়ালৈ বুলি নি থকা সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।